বজাৰলৈ আহিল ছেমছাং গেলেক্সি S10 লাইট; জানক ইয়াৰ দাম, বিশেষত্ব

Galaxy S10 Lite

ছেমছাঙে ইয়াৰ স্মাৰ্টফোন Galaxy S10 Lite ভাৰতৰ বজাৰত মুকলি কৰি দিয়া হৈছে।

৩৯,৯৯৯টকা মূল্যৰ এই ফোনটো অহা ৪ ফেব্ৰুৱাৰিৰ পৰা ফ্লিপকাৰ্ট, Samsung.com আৰু খুচুৰা কেন্দ্ৰসমূহত বিক্ৰীৰ বাবে উপলব্ধ হ’ব।

অৱশ্যে, ইয়াৰ প্ৰি-বুকিং আজিৰে পৰা আৰম্ভ হৈ গৈছে।

ছেমছাঙে কৈছে যে যিসকল গ্ৰাহকে ২৩জানুৱাৰিৰ পৰা ৩ফেব্ৰুৱাৰিৰ ভিতৰত ফোনটোৰ প্ৰি-বুকিং কৰে তেওঁলোকে ১,৯৯৯ টকা খৰচ কৰি এবাৰ স্ক্ৰীণ সলনি কৰাৰ অপশ্যনো লাভ কৰিব।

তদুপৰি, আইচিআইচিআই বেংকৰ ক্ৰেডিট কাৰ্ডেৰে পেমেন্ট কৰাসকলক ৩,০০০টকাৰ কেছবেকো লাভ কৰিব।

Galaxy S10 Lite প্ৰিজ্ম ব্ল্যু, প্ৰিজ্ম হোৱাইট আৰু প্ৰিজ্ম ব্লেক কালাৰত লোৱাৰ অপশ্যন থাকিব।

ছেমছাং Galaxy S10 Lite স্মাৰ্টফোন ৬.৭ ইঞ্চিৰ ফুল HD+ ইন্ফিনিটি-O ছুপাৰ এমোলেড ডিছপ্লেৰ সৈতে মুকলি হৈছে।

ফোনটোত 8GB পৰ্যন্ত RAM আৰু 128GB ষ্ট’ৰেজ আছে।

ফোনটোৰ ৰিয়ৰত ত্ৰিপুল কেমেৰা ছেটআপ আছে। ফোনৰ পিছপিনে প্ৰাইমেৰী কেমেৰা ৪৮ মেগাপিক্সেলৰ উপৰিও ৰিয়ৰত ১২ মেগাপিক্সেল আৰু ৫ মেগাপিক্সেল ছেন্সৰ কেমেৰা আছে।

আনহাতে, ফ্ৰন্টত ছেল্ফিৰ বাবে ৩২ মেগাপিক্সেলৰ কেমেৰা আছে।