• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ বিৰুদ্ধে এতিয়ালৈ জাৰি কৰা হৈছে কি কি নিষেধাজ্ঞা ?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 13, 2022 5:04 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইন যুদ্ধই ইতিমধ্যে তিনি সপ্তাহত ভৰি দিছে। অদ্যপি অব্যাহত আছে ৰাছিয়ান সেনাৰ আক্ৰমণ।

যুদ্ধৰ ফলশ্ৰুতিতে ৰাছিয়া মুখামুখি হ’ব লগা হৈছে অৰ্থনৈতিক নিষেধাজ্ঞাৰ। এই নিষেধাজ্ঞা জাৰি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয়ান ইউনিয়ন, ইংলেণ্ডকে ধৰি বিশ্বৰ চহকী দেশ আৰু সংস্থাসমূহে। সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰা দেশসমূহে এনেধৰণে নিষেধাজ্ঞাৰ সন্মুখিন হৈ আহিছে। এতিয়ালৈ ৰাছিয়াৰ বিৰুদ্ধে কি কি নিষেধাজ্ঞা জাৰি কৰা হৈছে বাৰু?

Apply Now

ৰাছিয়াৰ অন্যতম অৰ্থনৈতিক সম্পদ হৈছে তেল আৰু গেছ। এই দুবিধ সম্পদেৰে ৰাছিয়াই বিশ্বৰ কেইবাখনো দেশৰ স’তে মিত্ৰতা কৰি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ডকে ধৰি পশ্চিমীয়া দেশসমূহেও ৰাছিয়াৰ তেল আৰু গেছৰ ওপৰত নিৰ্ভৰশীল। কিন্তু ইউক্ৰেইন যুদ্ধৰ ফলশ্ৰুতিত আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াক নিষেধ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰিও ইংলেণ্ডেও এই ব্যৱস্থা ল’বলৈ উলাইছে। আনহাতে, ইউৰোপিয়ান ইউনিয়নে জনাইছে যে ২০৩০ চনৰ ভিতৰত ৰাছিয়াৰ তেল আৰু গেছ ক্ৰয় কৰা বাদ দিব। উল্লেখযোগ্য যে জাৰ্মানী, ফ্ৰান্স আদিকে ধৰি কেইবাখনো আগশাৰীৰ দেশেৰে গঠিত ইউৰোপিয়ান ইউনিয়নে ৰাছিয়াৰ তেল আৰু গেছৰ ওপৰত তীব্ৰভাৱে নিৰ্ভৰশীল।

তেল আৰু গেছৰ উপৰিও ৰাছিয়াৰ বেংকিং খণ্ডকো লক্ষ্য কৰি লৈছে পশ্চিমীয়া দেশসমূহে। ৰাছিয়াৰ কেন্দ্ৰীয় বেংকে এই দেশসমূহৰ স’তে কোনোধৰণৰ লেন-দেন কৰিব নোৱাৰিব। ইয়াৰ ভিতৰত ইংলেণ্ডে তীব্ৰ ব্যৱস্থা হাতত লৈছে। আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে সেয়ে ৰাছিয়াই এই নিষেধাজ্ঞাৰ ফলত তীব্ৰ সমস্যাৰ সমুখীন হ’ব।

এইসমূহ হৈছে ৰাছিয়াৰ পৰা আমদানিকৃত দ্ৰব্যৰ ওপৰত কৰা নিষেধাজ্ঞা। কিন্তু পশ্চিমীয়া দেশসমূহে ৰাছিয়া ৰাপ্তানী কৰা দ্ৰব্যসমূহো নিষেধ কৰা হৈছে। ইয়াৰ ভিতৰত অন্যতম হৈছে ৰাছিয়ান এয়াৰলাইনক বিক্ৰী কৰা বিমান, যন্ত্ৰপাতি আৰু বিভিন্ন ৰাসায়নিক দ্ৰব্য। ইতিমধ্যে আমেৰিকান বহুজাতিক কোম্পানী মেকডণাল্ড্ছ, কোকা কোলা আৰু ষ্টাৰবাকছে ৰাছিয়াত ব্যৱসায় বাদ দিছে।

অৰ্থনৈতিক নিষেধাজ্ঞাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ইউৰোপিয়ান ইউনিয়ন আৰু কানাডাৰ আকাশত ৰাছিয়াৰ বিমান উৰিব নোৱাৰি। আনকি ইংলেণ্ডত ৰাছিয়াৰ লোকসকলৰ ব্যক্তিগত বিমানো নিষেধ কৰা হৈছে।
.কেৱল সেয়াই নহয়, ৰাছিয়াৰ পুঁজিপতি ব্যৱসায়ীসকলো এই নিষেধাজ্ঞাৰ সমুখিন হ’ব। পুটিনৰ অতি ঘনিষ্ঠ এই ব্যৱসায়ীকলৰ ভিতৰত অন্যতম হৈছে ৰোমান আব্ৰাম’ভিছ। এওঁ হৈছে বিশ্ববিখ্যাত ফুটবল ক্লাব তথা ইংলিছ প্ৰিমিয়াৰ লীগৰ অন্যতম আগশাৰীৰ ক্লাব চেলছিৰ স্বত্বাধিকাৰ। অৰ্থনৈতিক নিষেধাজ্ঞাৰ ফলশ্ৰুতিতে আব্ৰাম’ভিছৰ এই ক্লাবটো এতিয়া তীব্ৰ সমস্যাৰ সমুখীন হৈছে। শেষত ক্লাবটো বিক্ৰী কৰি দিয়া হ’ব বুলি ধাৰণা কৰা হৈছে।

ৰাছিয়াৰ সাংসদসকলৰ ওপৰতো পশ্চিমীয়া দেশসমূহে অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰিছে। উল্লেখযোগ্য যে ৰাছিয়াৰ সংসদত ৩৮৬ জন সদস্য আছে। এই সাংসদসকলে পশ্চিমীয়া দেশসমূহত বিভিন্ন সম্পত্তি ক্ৰয় আৰু ব্যৱসায় কৰি আহিছে। ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াত থকা ভ্লাদিমিৰ পুটিনৰ সম্পত্তিসমূহ জব্দ কৰি ৰখা হৈছে।

অৱশ্যে পুটিন আৰু তেওঁৰ ঘনিষ্ঠ পুঁজিপতিসকলৰ ওপৰত এই নিষেধাজ্ঞাই বিশেষভাৱে প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু ৰাছিয়াৰ সৰ্বসাধাৰণ নাগৰিকসকলৰ জীৱন-জীৱিকাৰ ওপৰত এই নিষেধাজ্ঞাসমূহে মাধমাৰ শোধাইছে। প্ৰশ্ন উত্থাপন হৈছে যে যুদ্ধৰ নামত ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ অৰ্থনীতি আৰু জনসাধাৰণক অন্ধকাৰৰ গৰ্ভলৈ ঠেলি পঠাইছে নেকি?

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd