জাতি, মাটি, ভেটিৰ শ্ল’গানেৰে গাদী দখল কৰা সোণোৱাল চৰকাৰে বাটৰ নাটক হে কৰিছে : দেৱজিৎ দত্ত

সমগ্ৰ অসমৰ লগতে আজি শিৱসাগৰতো সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন দন-সংগঠনে বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা স্বত্তেও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গণতান্ত্ৰিক আন্দোলনক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই।

ফলত আজি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম কেন্দ্ৰীয় সমিতিৰ আহ্বান ক্ৰমে সমগ্ৰ অসমৰ লগতে শিৱসাগৰ সমিতিয়েও চহৰৰ দ’লমুখ চাৰিআলিত বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতা অমৃত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস, শক্তি মন্ত্ৰী তপন গগৈ আৰু বিধায়ক কুশল দুৱৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজিৎ দত্ত, উপ-সভাপতি অৰূপ বৰুৱাকে ধৰি শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াসকল।

কেন্দ্ৰীয় সভাপতি দেৱজিৎ দত্তই কয় যে, “জাতি, মাটি, ভেটিৰ শ্ল’গানেৰে গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে প্ৰকৃততে এখন বাটৰ নাটক হে কৰি আছে, বহু বিতৰ্তিত মৈত্ৰী সন্মিলন গুৱাহাটীৰ পৰিৱৰ্তে বৰাক উপত্যকাত অনুষ্ঠিত কৰি সেই স্থানৰ পৰাই এই সমাবেশৰ উদ্যোক্তাসকলে নাগৰিকত্ব সংশেধনী বিধেয়কৰ বিৰোধিতা কৰি অসম প্ৰেমৰ পৰিচয় দাঙি ধৰক” বুলি মন্তব্য কৰে।