NORTHEAST NOW (Assamese)

বিধেয়কৰ বিৰোধিতাৰে চামগুৰিত মুখ্য মন্ত্ৰীৰ সোণোৱালৰ শৱযাত্ৰাৰে জোঁৰ সমদল

January 12, 2019 10:40 pm · পাৰ্শ্বজ্যোতি গগৈ
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সন্ধিয়া সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু আমগুৰি আঞ্চলিক সমিতিৰ সহযোগত চামগুৰি চাৰিআলিত মুখ্য মন্ত্ৰী সোণোৱালৰ শৱযাত্ৰাৰে জোঁৰ সমদল কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
‘সৰ্বানন্দ সোণোৱাল গ’ বেক, সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী, বিজেপি হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী হুঁচিয়াৰ’ আদি শ্ল’গানেৰে চামগুৰিৰ ৰাজপথ উত্তাল কৰি তোলে। ৰাজ পথত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শৱদেহ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।  প্ৰায় পাঁচ শতাধিক ৰাইজে প্ৰতিবাদী সমদলৰ অন্তত চামগুৰি চাৰিআলিত এখন ৰাজহুৱা সভা আয়োজন কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে।
উক্ত কাৰ্যসূচীত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজিৎ দত্ত, উপ- সভাপতি অৰূপ বৰুৱা, শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিজয় কৃষ্ণ দুৱৰা, সাধাৰণ সম্পাদক পল্লৱ গগৈ উপস্থিত থাকে।
প্ৰতিবাদী সভাত কেন্দ্ৰীয় সভাপতি দেৱজিৎ দত্তই কয় যে বিধানসভাৰ নিৰ্বাচনৰ সময়ত শৰাইঘাটৰ শেষ ৰণ বুলি কোৱা বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমৰ ৰাইজে সেনাপতি পাতিছিল। কিন্তু অতি দুখৰ কথা যে এই জন সেনাপতিয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তথা নৰেন্দ্ৰ মোদীৰ ওচৰত আঁঠু লৈ লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰালে।
তাৰোপৰি দত্তই কয় “সৰ্বানন্দ সোনোৱালৰ গাত যদি অসমীয়াৰ তেজ আছে, লাচিতৰ তেজ আছে, বাঘ হাজৰিকাৰ তেজ আছে, চাওলুং চ্যুকাফাৰ তেজ আছে বা চিলাৰায় তেজ আছে তেন্তে অতি শীঘ্ৰে মুখ্য মন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে, নহ’লে ইতিহাসৰ পাতত এজন কলংকিত মুখ্যমন্ত্ৰী হিচাপে চিহ্নিত হৈ থাকিব।’

Related News