মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত মহানগৰীত চেনিটাইজেচন কাৰ্য্যসূচী

ক’ৰ’না ভাইৰাছে বৰ্তমান বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰিছে। শেহতীয়াভাৱে ভাৰততো বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। এতিয়ালৈকে ভাৰতত ৬২৮১ জন আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৮৬ জনৰ মৃত্যু হয়। অসমতো ২৮ জনলৈ বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা।

ক’ৰ’না সংক্রমণ ৰোধৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া ল’কডাউন ঘোষনা কৰিছিল। এই ল’কডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল চেনিটাইজ কৰা হয়।

আজি বৃহস্পতিবাৰে আবকাৰী আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত বন আৰু আবকাৰী বিভাগে যুটীয়াভাৱে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ, ডিপিআৰচিত চেনিটাইজ কৰাৰ লগতে জু ৰোডৰ ওচৰৰ এটিএম সমূহো চেনিটাইজ কৰে।

অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ তেজস মৰিস্বামীয়ে জনোৱা মতে এই চেনিটাইজেচনত ভিৰকন স্প্ৰে নামৰ এবিধ শক্তিশালী ভাইৰাছ নাশক ব্যৱহাৰ কৰা হয়। ডিএফঅ’ আৰু আবকাৰী আয়ুক্তৰ চিন্তাৰ ফচল স্বৰূপে এক নতুন পদ্ধতিৰে চেনিটাইজ কৰা হয় অঞ্চল সমূহ। আনহাতে এই পদ্ধতিৰে সুফল লাভ কৰিব বুলি আশাবাদী বিভাগীয় কতৃপক্ষ।

ইয়াৰ উপৰি আবকাৰী বিভাগৰ তৰফৰ পৰা দূৰদৰ্শন আৰু ডিপিআৰচিৰ কৰ্মচাৰীসকলৰ মাজত হেণ্ড ছেনিটাইজাৰো বিতৰণ কৰা হয়। আজিৰ এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াই আবকাৰী বিভাগৰ বিষয়া কুল প্ৰসাদ দাস, সুভাষ বৈশ্য, আৰু নৱজ্যোতি বৰগোহাঁয়ে।