NORTHEAST NOW (Assamese)

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

July 5, 2025 8:02 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ এক বিশেষ আদালতে ৪০০ কোটি টকাৰ দুৰ্নীতিত অভিযুক্ত অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা কৰিছে। এই সিদ্ধান্তটো ইডিয়ে দাখিল কৰা আবেদনৰ ভিত্তিত লোৱা হৈছে। ইয়াৰ ফলত কেন্দ্ৰীয় অনুসন্ধান সংস্থা ইডিয়ে আশা কৰিছে যে সঞ্জয়ক এতিয়া ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাটো সহজ হ’ব।

উল্লেখ্য যে সঞ্জয় বৰ্তমান ইংলেণ্ডত আছে আৰু ২০২০ চনৰ জুলাইত গ্ৰেপ্তাৰ হোৱাৰ পিছত জামিন লাভ কৰি লণ্ডনত গৃহবন্দী অৱস্থাত আছে।

ইডিয়ে প্ৰকাশ কৰা অনুসৰি, ইউপিএৰ শাসনকালত সঞ্জয়ে বিদেশী প্ৰতিষ্ঠানৰ পৰা ৪০০ কোটি টকাৰ অবৈধ লেনদেন কৰিছিল। লগতে ডুবাইৰ কেইবাটাও কোম্পানীৰ সৈতে চলি থকা বেআইনী লেনদেনৰো অভিযোগ উঠিছে। লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ আদালতে ইতিমধ্যে তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণৰ অনুমতি দিছিল যদিও আইনী জটিলতাৰ বাবে প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাছিল।

জানিব পৰা মতে সঞ্জয়ৰ সৈতে ৰবাৰ্ট ভাদ্ৰাৰ  সৈতে ঘণিষ্ঠ সম্পৰ্ক থকা বুলি চৰ্চা চলিছে। অভিযোগ অনুসৰি, ৰবাৰ্টে লণ্ডনত সঞ্জয়ৰ পৰা এটা বাংলো অতি সস্তাত ক্ৰয় কৰিছিল। ইডিয়ে আগতে ধন সৰবৰাহ সন্দৰ্ভত ৰবাৰ্টক জেৰা কৰিছিল আৰু সেই গোচৰতো সঞ্জয়ৰ লগত ৰবাৰ্টৰ আৰ্থিক সম্পৰ্কৰ উল্লেখ আছে।

বৰ্তমান সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণাৰ পিছত ৰবাৰ্ট ভাদ্ৰাৰ ওপৰত আইনী আৰু ৰাজনৈতিক হেঁচা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। যদিও ৰবাৰ্টে এই সকলো অভিযোগ প্ৰত্যাখ্যান কৰি আহিছে, তথাপিও এই ঘটনাই কংগ্ৰেছৰ বাবে ৰাজনৈতিক দিশতো হেঁচাৰ সৃষ্টি কৰিছে।

Related News