NORTHEAST NOW (Assamese)

বিয়াত বহাৰ পৰা বাচিবলৈ ঘৰৰ পৰা পলায়ন কৰা যুৱতীয়ে ৭ বছৰ পাছত উত্তীৰ্ণ হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত

September 15, 2020 10:04 pm · এন ই নাও নিউজ

পৰিয়ালৰ লোকে বিয়াত বহিবলৈ আতিশয্য চলোৱা বাবে ঘৰৰ পৰা পলায়ন কৰা উত্তৰ প্ৰদেশৰ মিৰাটৰ এগৰাকী যুৱতীয়ে সাত বছৰ পাছত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা বাতৰিয়ে বৰ্তমান সকলোতে চৰ্চা লাভ কৰিছে।

সাত বছৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মিৰাটৰ পৰা পলায়ন কৰা সঞ্জু ৰাণী বাৰ্মা নামৰ যুৱতী গৰাকীয়ে ২৮ বছৰ বয়সত ঘৰৰ পৰা বিবাহৰ ভয়ত পলায়ন কৰিছিল।

সঞ্জুৰ মাতৃৰ বিয়োগৰ পাছতে পৰিয়ালৰ লোকে তেওঁক বিয়াৰ বাবে জোৰ দিছিল কিন্তু সঞ্জুৰ বিয়াত বহিবলৈ মন নাছিল। ইয়াৰ পাছতে সঞ্জুৱে দিল্লীলৈ পলায় গৈছিল আৰু সাত বছৰ পাছত বিগত সপ্তাহত ঘোষণা কৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হয়।

সঞ্জুৰ এই মানসিক দৃঢ়তা আৰু একাগ্ৰতাই বৰ্তমান সকলোকে আকৰ্ষিত কৰিছে।

কেন্দ্ৰ চৰকাৰে ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানৰ যোগেৰে দেশৰ ছোৱালী সকলক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰাৰ বাবে কাম কৰি আছে।

Related News