দিল্লীত গুৰুজনাৰ অংকীয়া ভাওনা প্ৰদৰ্শনেৰে ইতিহাস শিৱসাগৰৰ শিল্পীৰ

IMG-20190502-WA0008

ফটো : নৰ্থ-ইষ্ট নাও

শিৱসাগৰৰ এজাক কিশোৰ কিশোৰীয়ে সুদুৰ দিল্লীৰ শ্ৰীৰাম চেন্টাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনা প্ৰদৰ্শন কৰি উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

শিৱসাগৰ নাট্য সমাজ আৰু কলা বিহাৰ সংগীত বিদ্যালয়ৰ যুটীয়া উদ্যোগত তথা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সহযোগত নৱ প্ৰজন্মক আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে দিল্লীৰ শ্ৰীৰাম চেন্টাৰত ৰুক্মিনী হৰণ অংকীয়া ভাওনা প্ৰদৰ্শন কৰে।

প্ৰায় দুঘন্টা সময় ব্ৰজাৱলী ভাষাত ৰুক্মিনী হৰণ ভাওনাখন সাবলিলভাৱে উপস্থাপন কৰি উপস্থিত কেইবা শতাধিক লোকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

শিৱসাগৰৰ সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী সৌৰভ চলিহাৰ নেতৃত্বত যোৱা প্ৰতিগৰাকী কলা কুশলীয়ে কৰা উন্নত মানদণ্ডৰ অভিনয়ৰ জৰিয়তে দিল্লীৰ গুৰগাঁও, নয়দা, দ্বাৰিকা, বসন্তকুঞ্জ আদিৰ পৰা অহা দৰ্শকৰ লগতে ৰাষ্ট্ৰীয় নাট্য একাডেমিৰ লগত জড়িত ব্যক্তি তথা অ’ এন জি চিৰ উচ্চ পদস্থ বিষয়াৰ পৰা ভূয়শী প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই অনুষ্ঠান উপভোগ কৰি কয় যে, দিল্লীৰ শ্ৰীৰাম চেন্টাৰত প্ৰতি নিশাই একোখন নাটক মঞ্চস্থ হয়। এই মঞ্চত প্ৰথমবাৰৰ বাবে অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। গুৰুজনাৰ এই সৃষ্টি প্ৰদৰ্শনৰ জৰিয়তে শ্ৰীৰাম চেন্টাৰৰ মঞ্চ পবিত্ৰ হৈ পৰিল বুলি প্ৰাঞ্জল শইকীয়াই মন্তব্য কৰে।

অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডাঃ নিলমণি শৰ্মা, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰযোজনা প্ৰৱন্ধক পৰাগ শৰ্মা, সংগীত নাটক একাডেমিৰ উপসচিব ৰাজু দাস, অ’ এন জি চিৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডি কে চাৰফে, অ’ এন জি চি অৱসৰ প্ৰাপ্ত তৈলক্ষেত্ৰ সঞ্চালক অশোক বাৰ্মা, অ’এনজিচিৰ প্ৰাক্তন স্থলক্ষেত্ৰ সঞ্চালক অজিত হাজৰিকা উপস্থিত থাকে।

সৌৰভ চলিহাই আঁত ধৰা অনুষ্ঠানটোত মৃণালী মহন্ত চলিহাই ভাওনাখনিৰ সম্পৰ্কত বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰে। ভাওনাখনি পৰিচালনা কৰে গোবিন মহন্ত আৰু মৃণালী মহন্ত চলিহাই। উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া পণ্ডিত ড০ ভবানন্দ বৰবায়নে বন্তি প্ৰজ্বলনেৰে ভাওনাখনিৰ শুভাৰম্ভ কৰে।