শংকৰী সাহিত্যৰ গৱেষক-পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰৰ জন্মদিনত ‘সংক্ষিপ্ত জীৱন তথ্য’ উন্মোচন

‘অসমৰ জাতীয়ত্বৰহৈ যুজঁ কৰা বহু লোকে ব্যক্তি স্বাৰ্থৰ বাবে জাতীয় কথা বাদ দি মনে মনে আছে’

FB_IMG_

শংকৰী সংস্কৃতিৰ গৱেষক,পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰে জি ৮২ বছৰত ভৰি দিলে।

তদুপলক্ষে তেখেতৰ বাসগৃহত কভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ অনুষ্ঠিত জন্মদিনত ‘দৈনিক অসম’ৰ সাংবাদিক চন্দনজ্যোতি বৰাই সম্পাদনা কৰা ‘সংক্ষিপ্ত জীৱন তথ্য শ্ৰী তিলক চন্দ্ৰ মজুমদাৰ’ শীৰ্ষক পুস্তিকাখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই।

গ্ৰন্থখন উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক হাজৰিকাই কয় যে-এক শক্তিশালী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ বাবে তিলক চন্দ্ৰ মজুমদাৰে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল।

অসমীয়া জাতিক হাৰে হিমজুৱে ভাল পোৱা মজুমদাৰে ওৰেটো জীৱন অসমীয়া ভাষা-সংস্কৃতি বিকাশৰ বাবে কাম কৰি গৈছিল।অসমৰ কৃষি অৰ্থনীতিৰ বুনিয়াদ গঢ়াৰ সপোন দেখা তিলক চন্দ্ৰ মজুমদাৰ এগৰাকী প্ৰগতিশীল চিন্তাধাৰাৰ লোক।

৮২ সংখ্যক জন্মদিনত নিজৰ অনুভৱ ব্যক্ত কৰি বিশিষ্ট শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰে কয় যে-সম্প্ৰতি অসমীয়া জাতি মহা সংকটতত উপনিত হৈছে। অসমৰ ঐতিহ্য,সংস্কৃতি তথা ভাষাৰ ওপৰত এনে এটা চক্ৰৰ আক্ৰমণ চলিছে যিটো চক্ৰই ভাৰতীয় জাতীয়ত্ব মিলাই অসমীয়া জাতীয়ত্বক ধ্বংস কৰাৰ চক্ৰান্ত কৰিছে।অসমৰ জাতীয়ত্বৰহৈ যুজঁ কৰা বহু লোকে ব্যক্তি স্বাৰ্থৰ বাবে জাতীয় কথা বাদ দি মনে মনে আছে।তেওঁ লগতে কয় যে-‘অসম চৰকাৰে ৬ নং দফা  কাৰ্যকৰীকৰণৰ বাবে সমিটি পাতিলে।কিন্তু কভিডৰ দোহাই দি সেই কাম পিচুৱাই গৈ আছে।অসমীয়া মানুহক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ চলিছে।’

শংকৰী সাহিত্যৰ গৱেষক জনে ‘কা’ আন্দোলনৰ শ্বহীদ সকলক আন্দোলনৰ নেতৃত্ব বহন কৰা সকলে পাহৰি যোৱা কাৰ্যত আক্ষেপ প্ৰকাশ কৰে।

বিশিষ্ট সাহিত্যিক মজুমদাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত চৰকাৰে আৰম্ভ কৰা কোটি টকীয়া প্ৰকল্পটো শংকৰদেৱৰ আদৰ্শৰ পৰা যাতে বিচ্যুৎ নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ সকলোকে আহ্বান জনায়।’ ‘সংক্ষিপ্ত জীৱন তথ্য শ্ৰী তিলক চন্দ্ৰ মজুমদাৰ’ শীৰ্ষক পুস্তিকাখনৰ সম্পাদক সাংবাদিক চন্দনজ্যোতি বৰাই কয় যে-তিলক চন্দ্ৰ মজুমদাৰ চাৰ মোৰ জীৱনৰ অন্যতম আদৰ্শৰ ব্যক্তি।

মোৰ সাংবাদিকতা জীৱনত তেখেতে যথেষ্ট অনুপ্ৰেৰণা যোগাইছে।সেয়ে তেওঁৰ জীৱন তথ্য সম্বলিত পুস্তিকা সম্পাদনা কৰিবলৈ পোৱাটো মোৰ বাবে গৌৰৱৰ কথা।

উল্লেখযোগ্য যে পুস্তিকাখনত বিশিষ্ট শংকৰী সাহিত্যৰ তিলকচন্দ্ৰ মজুমদাৰৰ জন্ম আৰু কৰ্মক্ষেত্ৰ,সাহিত্য কৰ্ম,প্ৰণীত আৰু সম্পাদিত গ্ৰন্থ সমূহ,গৱেষণা গ্ৰন্থ সমূহ,সত্ৰৰ সাঁচিপতীয়া পুথি,বিভিন্ন বাতৰি কাকতত প্ৰকাশিত প্ৰৱন্ধ পাতি আদি সন্নিবিষ্ট আছে।