‘সন্মিলিত গণশক্তি’ৰ ৰং অচিৰেই গেৰুৱা হোৱাৰ দিশত; পঞ্চায়ত নিৰ্বাচন খেলিব বিজেপিৰ প্ৰতীকত

BhabanPegu_RanojPegu

সন্মিলিত গণশক্তিৰ দুই প্ৰাক্তন নেতা মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে। ফাইল ফটো।

মিচিং জনগোষ্ঠীৰ মাজত যথেষ্ট প্ৰভাৱ থকা সন্মিলিত গণশক্তি নামৰ আঞ্চলিক দলটোৰ ৰং অচিৰেই গেৰুৱা হোৱাৰ দিশত। যদিও দলটো বিজেপিৰ সৈতে চামিল হোৱাৰ কথা কোৱা নাই, দলটোৱে বিজেপিৰ প্ৰতীকত আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো নিশ্চিত হৈছে। এই কথা নিশ্চিত কৰিছে বিজেপিৰ নিৰ্বাচনী ৰণকৌশলৰ ঘাই হোতা ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন কৰিব লগীয়া যে দলটোৰ প্ৰতিষ্ঠাপক সভাপতি ডাঃ ৰণোজ পেগুৱে যোৱা বছৰ দলটো ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। তাৰ পিছৰ পৰাই দলটোত সবল নেতৃত্বৰ অভাৱ দেখা গৈছে।

আনহাতে দলটোৰ আন এজন নেতা ভুৱন পেগুৱেও যোৱাবাৰ জোনাই সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপেহে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধায়ক নিৰ্বাচিত হৈছিল। নিৰ্দলীয় হিচাপে নিৰ্বাচিত হ’লেও ভুৱন পেগুক নিৰ্বাচনত গণশক্তিয়ে সমৰ্থন দিছিল। গণশক্তিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ নহ’লেও ভুৱন পেগুৰ দলটোৰ সৈতে এতিয়াও সুসম্পৰ্ক আৰু দলটোত প্ৰভাৱ আছে।

গতিকে বিজেপিৰ প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ গণশক্তিৰ যি সিদ্ধান্ত তাত ভুৱন পেগুৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

মন কৰিব লগীয়া কথাটো হ’ল, জোনাইৰ বিধায়কজন কংগ্ৰেছ চৰকাৰৰ দিনত অত্যন্ত সৰৱ হোৱাৰ পৰিৱৰ্তে এইখন চৰকাৰে বহুতো জনবিৰোধী কাম কৰি অহা সত্ত্বেও এষাৰো মাত দিয়া নাই ভুৱন পেগুৱে। বৰং সুযোগ বুজি চৰকাৰ আৰু সোণোৱালক প্ৰশংসাহে কৰা দেখা গৈছে। আনকি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধেও মাত এষাৰ দিয়া নাই বিধায়কজনে। ইপিনে বিগত দিনবোৰত বিধায়কজনক প্ৰায়ে দেখা গৈছে বিজেপিৰ সমাৱেশ, আঁচনি উদ্বোধনৰ কাৰ্য্যসূচীবোৰতো। আনকি কোনো কোনো সভাত তেওঁৰ ডিঙিত দেখা গৈছিল গেৰুৱা দলৰ প্ৰতীকযুক্ত গামোচা। লগতে মোদীৰ সমাৱেশৰ বাবে মানুহ যোগাৰৰ দায়িত্ব লোৱা বুলিও ভুৱন পেগুৰ বিৰুদ্ধে অভিযোগ আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে বিধায়কজনক এই ‘নতশিৰ’ স্থিতিৰ বাবেই হয়তো এইবাৰ চৰকাৰে শ্ৰেষ্ঠ বিধায়কৰ বঁটা আগ বঢ়াইছিল যোৱা এপ্ৰিল মাহত। গতিকে সন্মিলিত গণশক্তিৰ বৰ্তমানৰ নেতৃত্বক ভুৱন পেগুৱে বিজেপিৰ স্বাৰ্থৰ অনুকূলে পতিয়ন নিওৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে দলটোৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মী-সমৰ্থকে।

কৰ্মী-সমৰ্থকে দলটোৰ বিজেপিৰ সৈতে মিত্ৰতা থাকিলেও নিজৰ প্ৰতীকৰ পৰিৱৰ্তে বিজেপিৰ প্ৰতীকত নিৰ্বাচন খেলিবলৈ লোৱাটোক এক প্ৰকাৰৰ আত্মজাহ আখ্যা দিছে। এই সিদ্ধান্তই দলটো নিশ্চিহ্ন হোৱাৰ বাট মুকলি কৰিলে বুলি শংকা প্ৰকাশ কৰিছে তৃণমূল পৰ্য্যায়ৰ কৰ্মী-সমৰ্থকে।

মন কৰিব লগীয়া যে মিত্ৰ দল অগপই অকলে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ আঁকোৰগোঁজ হৈ থকাত সংকটত পৰা দেখা গৈছে মিত্ৰ দল বিজেপিক।