NORTHEAST NOW (Assamese)

কোটি কোটি টকা সম্পত্তি দান কৰি সন্ন্যাস! মহাকুম্ভত মহামণ্ডলেশ্বৰ

January 29, 2025 8:49 am · এন ই নাও, গুৱাহাটী
Updated: January 29, 2025 9:39 am

ৰাজস্থানৰ আধ্যাত্মিক গুৰু স্বামী হিতেশ্বৰানন্দ সৰস্বতীক মহাকুম্ভত ‘মহামণ্ডলেশ্বৰ’ হিচাপে প্ৰতিষ্ঠা কৰা হৈছে। মহাকুম্ভৰ সময়ত মাঘৰ অন্ধকাৰ পষেকৰ দ্বাদশ দিনা তেওঁক এই সন্মান দিয়া হৈছিল।
উল্লেখ্য যে ‘শংকৰাচাৰ্য’ৰ পাছত সনাতন ধৰ্মত ‘মহামণ্ডেশ্বৰ’ক আটাইতকৈ সন্মানীয় উপাধি হিচাপে গণ্য কৰা হয়।

মাঘৰ ক’লা পষেকৰ দ্বাদশ দিনটো হিন্দুসকলৰ বাবে অতি শুভ। সেয়ে এই দিনটোতে ৰাজস্থানৰ আধ্যাত্মিক গুৰুজনক এক বিশেষ পদবী প্ৰদান কৰা হয়।
খবৰ অনুসৰি তেওঁক শ্ৰী পঞ্চায়তী আখৰা আৰু মহানিৰ্বান আখৰাৰ দ্বাৰা মহামণ্ডলেশ্বৰ উপাধি প্ৰদান কৰা হৈছে। মহামণ্ডেশ্বৰ কেৱল আধ্যাত্মিক লোকক দিয়া নহয়, সমাজৰ কল্যাণৰ বাবে কাম কৰা লোককো দিয়া হয়।

স্বামী হিতেশ্বৰানন্দ সৰস্বতীৰ জন্ম হৈছিল পালি জিলাৰ চানোদ গাঁৱৰ শ্ৰীমলী ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ মাতৃ হুলাছী দেৱী কুম্ভলগড়ৰ কেলোৰাৰ বাসিন্দা আছিল। অতি কম বয়সতে তেওঁ সাংসাৰিক জীৱনৰ সকলো সুখৰ পৰা আঁতৰি আহি আধ্যাত্মিক ৰূপত এক বেলেগ জীৱন যাপন কৰিবলৈ ধৰিলে। পিছত তেওঁ ৫৫০ বছৰীয়া কাটাবালা মঠৰ প্ৰধান পুৰোহিতৰ দায়িত্ব গ্ৰহণ কৰে।
উল্লেখ্য যে সম্ৰান্ত পৰিয়ালৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ, অনেক।ধন সম্পত্তি দান কৰি সন্ন্যাস লোৱাৰ বাবে মহাকুম্ভত এইগৰাকী বাবা চৰ্চাত আছে।

Related News