আইন অধ্যয়নৰ বাবে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰিয়দৰ্শিনী মাট্টুক বিশ্ববিদ্যালয়ৰ এজন ছিনিয়ৰৰ প্ৰেমত পৰিছিল। এই প্ৰেমৰ পৰিমাণ ভয়াৱহ আছিল। প্ৰিয়দৰ্শিনীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল।
প্ৰিয়দৰ্শিনী মাট্টুক ১৯৯৬ চনত ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত সন্তোষ কুমাৰ সিঙৰ যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা আগতীয়াকৈ মুক্তিৰ বাবে দাখিল কৰা আবেদন পুনৰ বিবেচনা কৰাৰ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে।
সিঙৰ মুক্তিৰ অনুৰোধ পূৰ্বে নাকচ কৰা সিদ্ধান্ত বাতিল কৰি, আদালতে এই বিষয়টো পুনৰ শাস্তি পৰ্যালোচনা ব’ৰ্ডলৈ প্ৰেৰণ কৰিছে। ন্যায়াধীশ সঞ্জীৱ নাৰুলাইয়ে আদালতৰ পর্যবেক্ষণত কয় যে, “তেওঁৰ মাজত সংস্কাৰৰ কিছু উপাদান দেখা গৈছে”, আৰু এই প্ৰসংগত সিঙৰ মানসিক অৱস্থাৰ পুনর্মূল্যায়নৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছে।
আদালতে ভবিষ্যতে এনে অনুৰোধ বিবেচনা কৰাৰ ক্ষেত্ৰত শাস্তি পৰ্যালোচনা ব’ৰ্ডৰ বাবে নতুন গাইডলাইন স্থাপন কৰিছে। বিশেষকৈ কয়দীসকলৰ মানসিক মূল্যায়ন এক বাধ্যতামূলক অংশ হ’ব বুলি আদালতে নিৰ্দেশ দিছে। সিঙৰ ক্ষেত্ৰত এই মূল্যায়ন আগতে কৰা হোৱা নাছিল।
২০২৩ চনত দাখিল কৰা আবেদনত, সিঙে কৈছিল যে তেওঁ ২৫ বছৰৰো অধিক সময় ধৰি কাৰাবন্দী হৈ আছে আৰু এই সময়ছোৱাত তেওঁ ভাল আচৰণৰ জৰিয়তে নিজক সংশোধন কৰিছে। তেওঁৰ অধিবক্তাই দাবী কৰে যে সিঙে বহুদিন ধৰি মুকলি কাৰাগাৰৰ পৰিৱেশত থাকি সমাজলৈ পুনৰ সংস্থাপন হোৱাৰ যোগ্যতা দেখুৱাইছে।
তথাপিও, ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত শাস্তি পৰ্যালোচনা ব’ৰ্ডৰ বৈঠকত তেওঁক আগতীয়াকৈ মুক্তি দিয়াৰ বিৰুদ্ধে মত প্ৰকাশ কৰা হৈছিল।
উল্লেখযোগ্য যে, ১৯৯৬ চনৰ জানুৱাৰীত প্ৰিয়দৰ্শিনী মাট্টুক কৰুণভাৱে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। ১৯৯৯ চনত আদালতে প্ৰথমে সিঙক মুক্ত কৰিছিল, কিন্তু এই সিদ্ধান্ত ২০০৬ চনত দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল আৰু মৃত্যুদণ্ডৰ আদেশ দিছিল। ২০১০ চনত উচ্চতম ন্যায়ালয়ে দোষ স্বীকাৰ কৰি মৃত্যুদণ্ডক যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰিছিল।