প্ৰাক্তন বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে আজি ‘ফেচবুক লাইভ’ত আহি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত মুখৰ হৈ পৰে।
মীৰা বৰঠাকুৰৰ মতে বৰ্তমানৰ বিজেপি চৰকাৰে হিন্দু ভোট বিভাজন (polarize) কৰিবৰ কাৰণে অসমৰ ২৭খন জিলাত বংগমূলীয় মুছলমানে আগ্ৰাসন কৰিছে বুলি অপপ্ৰচাৰ চলাইছে।
বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয় যে মুখ্য মন্ত্ৰী হৈ আছে যদিও চৰকাৰ চলোৱাত সৰ্বানন্দ সোণোৱালৰ ‘কোনো সিদ্ধান্ত ল’ব পৰা ক্ষমতা নাই’।
‘বিজেপিয়ে তেওঁক ফে’চ ভেল্যুৰ কাৰণে মুখ্য মন্ত্ৰী পাতিছে, সিদ্ধান্ত তেওঁ ল’ব নোৱাৰে গোটেই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাই লয়। গোটেই চৰকাৰখন বনোৱাৰ ক্ষেত্ৰত, সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিজেপিয়ে হিমন্ত বিশ্বক প্ৰক্ষেপ কৰিছে।‘ তেওঁ কয়।
‘গতিকে মোৰ আজি প্ৰশ্ন হিমন্ত বিশ্বৰ প্ৰতি’ বুলি উল্লেখ কৰি তেওঁ কয় ‘আপোনালোকে ভোটৰ স্বাৰ্থত ২৭খন জিলা বংগমূলীয় মুছলমানে আগ্ৰাসন কৰিছে বুলি কৈ বংগমূলীয় অবৈধ মুছলমানসকলক শক্তিশালী মনোবল দিয়া নাইনে?
চাওক মীৰা বৰঠাকুৰৰ লাইভ ভিডিঅ’ –
https://www.facebook.com/mira.borthakurnew/videos/1357746924568463/
‘১৫-২০ বছৰ ধৰি আপুনি প্ৰভাৱশালী মন্ত্ৰী হৈ আছে, আপুনি অসম চুক্তিৰ মন্ত্ৰী আছিল। ইমান সুবিধা থকাৰ পিছতো অবৈধ মুছলমানে কেনেকৈ (২৭খন জিলা) দখল কৰিব পাৰিলে?’
আনহাতে NRCত ৫৫ হাজাৰ মানুহে কাম কৰাৰ পিছতো সন্দেহযুক্ত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাত উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰাতো অসম চৰকাৰৰ দায়িত্ব নাছিলনে বুলিও বৰঠাকুৰে প্ৰশ্ন কৰে।
‘ভাষাটোক ভাগ ভাগ কৰি আপোলাকে ৰাজনীতিৰ কাৰণত আপোনালোকে আৰু কিমান পৰ্য্যায়লৈকে জাতীটোক বিক্ৰী কৰিব?’- বৰঠাকুৰ।
অসমীয়া জাতিটোক ‘বিভিন্ন জনগোষ্ঠীয় সংগঠন বিলাক খুলি ভাগ ভাগ কৰি’ ‘ভণ্ড নেতা তৈয়াৰ’ কৰাৰ অন্তৰালত হিমন্ত বিশ্বক সাঙুৰি তেওঁ কয়, ‘কোনো নেতা বলিষ্ঠভাৱে ওলাই আহিলে সেই নেতাক পিছ দুৱাৰেদি মাতি নি ভণ্ড নেতাবিলাক তৈয়াৰ কৰাৰ একমাত্ৰ মেকানিজমটো আপুনি নহয়নে?’
‘সৰ্বানন্দ সোণোৱালৰ সেইখিনি কেপাচিটিয়ে নাই, গতিকে তেওঁক এইবিলাক কথা নকওঁ…আজি মুখ্য মন্ত্ৰীজন বেচেৰা মুখ্য মন্ত্ৰী হৈ গৈছে আৰু আপুনি ভিলেইন হৈ গৈ আছে’ বৰঠাকুৰৰ মন্তব্য।
‘বিজেপিৰ ভিতৰখন মোতকৈ ভালকে আপুনি জনা নাই’ বুলি হিমন্ত বিশ্বক উদ্দেশ্যি তেওঁ আৰু কয়, ‘বিজেপিক সন্তুষ্ট কৰিবলৈ আপুনি অসমৰ ৰাইজক অসন্তুষ্ট কৰিলে। কিন্তু আপুনি এটা কথা ভালকৈ জানিব যি সময়ত বিজেপিৰ কাম শেষ হ’ব সেই সময়ত আপোনাক য়ুজ এণ্ড থ্ৰ’ কৰি পেলাই দিব।‘