কথামতেই কাম! ৰাইজে প্ৰক্ষেপ কৰা প্ৰাৰ্থীক ৰাইজে কৰালে জয়ী। বিপক্ষে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অগপৰ দুই প্ৰাৰ্থীক পৰাভূত কৰি জয়লাভ কৰিলে ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী সৰুজান দাসে। দুখনকৈ নদীৰ পানীয়ে বাৰিষা ধুৱাই নিয়া এখন গাওঁ। কৃষি প্ৰধান গাওঁখনত কৃষিৰ ওপৰতো নিৰ্ভৰ কৰিব নোৱাৰা হৈছে গঞা ৰাইজে। ৰাস্তা পথৰ দুৰৱস্থাৰ বাবে বজাৰত বিক্ৰী কৰিবলৈ নিব নোৱাৰে। হয়, বাৰিষা হ’লেই গেলা বিল আৰু ব্ৰহ্মপুত্ৰই ভালকৈয়ে প্ৰভাৱান্বিত কৰে বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ মহুৰা গাওঁ পঞ্চায়তৰ অধীনৰ ২নং গৰৈমাৰী নামৰ গাঁৱখনক। সমষ্টিটো অতুল বৰাৰ। কিন্তু ৰাইজে ওজৰ আপত্তি জনোৱাৰ পাছতো তেওঁ আকৌ ধুমকলাৰ ভাও জুৰে। শুনিও যেন তেওঁ শুনা নাপাই ৰাইজৰ অভাৱ-অভিযোগ বোৰ। সেয়েহে ৰাইজে একান্ত প্ৰচেষ্টাৰে এইবাৰ থিয় কৰাইছিল নিজৰ সমৰ্থিত প্ৰাৰ্থী। অসম গণ পৰিষদ দলৰ দুগৰাকী প্ৰাৰ্থীৰ বিপৰীতে গাওঁখনৰ ৰাইজে প্ৰক্ষেপ কৰিছিল এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী। ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী সৰুজান দাসক ৱাৰ্ড মেম্বাৰ হিচাপে প্ৰক্ষেপ কৰিছিল আৰু ৰাইজেই উত্সাহৰে ভোট দি জয়ী কৰাই আনিলে সৰুজান দাসক।
শেষনিশা তিনিবজাত উত্সাহিত গাঁৱৰ ৰাইজে দলে বলে গাৱঁলৈ আদৰি নিলেহি প্ৰাৰ্থী গৰাকীক। বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত, উত্তৰ মহুৰা গাওঁ পঞ্চায়তৰ অধীনৰ ২নং গৰৈমাৰীৰ ৯ নং ৱাৰ্ডৰ সদস্যা আছিল সৰুজান দাস।
ৱাৰ্ডটোৰ মুঠ ভোট আছিল = ৯১২ টা
পুলিং ভোট =৭৮৩ টা
সৰুজান দাসে লাভ কৰিলে=২৬৫ টা
মৌচুমী দাস(মিত্ৰজোঁটৰ)=২২৭ টা
কল্পনা দাস(মিত্ৰজোঁটৰ)=২৩৫ টা
কৰ্তন হোৱা ভোট=৫৬ টা।
গণতন্ত্ৰত যে ৰাইজেই ৰজা সেয়া পুনৰ এবাৰ প্ৰমাণ কৰি দিলে ৰাইজে। পিছে ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী গৰাকীয়ে ৰাইজৰ আশা আকাংক্ষাক কেনেকৈ বাস্তৱ ৰূপ দিয়ে সেয়া সময়তহে লক্ষণীয় হ‘ব।