শিৱসাগৰত মহীয়সী নাৰী বীৰাংগনা সতী সাধনী দিৱস উদযাপন

1(5)

শিৱসাগৰত বীৰাংগণা সতী সাধনী দিৱসৰ মুকলি সভাৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

অসমীয়া জাতিৰ মহীয়সী নাৰী বীৰাংগনা সতী সাধনীৰ পবিত্ৰ স্মৃতিত দেওবাৰে শিৱসাগৰ চহৰৰ ব’ডিং খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত, সদৌ চুতীয়া জাতি সন্মিলন, অসম চুতীয়া জাতি মহিলা সন্মিলন,অসম, চুতীয়া যুৱ সন্মিলন,অসম, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত বীৰাংগনা সতী সাধনী স্মৃতি দিৱস উদযাপন কৰা হয়৷

বীৰাংগনা সতী সাধনী স্মৃতি দিৱস উদযাপনৰ এই কাৰ্যসূচীত উপস্থিত থাকি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলেই বীৰাংগনা গৰাকীক শ্ৰদ্ধা জ্ঞাপন  কৰাৰ লগতে তেওঁ‌ৰ সাহস আৰু বীৰত্বৰ দ্বাৰা নৱ-প্ৰজন্মই  উদ্বুদ্ধ হৈ দেশ প্ৰেমৰ আদৰ্শৰে কাম কৰি যাবলৈ আহ্বান জনায়।

বীৰ-বীৰাংগনাৰ স্মৃতি চিৰযুগমীয়া কৰা হকে ৰাজ্য চৰকাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়েও মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত অৱগত কৰে। সতী সাধনীৰ বীৰত্ব আৰু কীৰ্তিৰ বিষয়ে আৰু অধিক অধ্যয়নৰ প্ৰয়োজনীয়তা আছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

জাতিৰ স্বাভিমানৰ প্ৰতীক এই বীৰ-বীৰাংগনাসকলৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত জাতীয় সংগঠন সমূহেও বিভিন্ন কাম কৰি আহিছে বুলিও তেওঁ‌ মন্তব্য কৰে।

এই অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, থাওৰা আৰু মাহমৰা বিধানসভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে কুশল দুৱৰী আৰু যোগেন মহনকে আদি কৰি বিভিন্ন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা বৰ্ণালী শৰ্মাই আৰু শলাগৰ শৰাই আগবঢ়াই শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ সুব্ৰমণি আয়াৰ লক্ষ্মণনে।

তদুপৰি, উদযাপন সমিতিৰ সভাপতি পৰাগ শইকীয়া, সদৌ চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক হৰেন চুতীয়া আৰু নিৰ্দিষ্ট বক্তা হিচাপে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী প্ৰবক্তা ৰঞ্জিত তামুলীয়ে ভাষণ প্ৰদান কৰে।

দেওবাৰে বীৰাংগনা সতী সাধনী দিৱস উদযাপন উপলক্ষে স্থানীয় ব’ডিং খেলপথাৰৰ পৰা বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও পৰিবেশন কৰা হয়।