NORTHEAST NOW (Assamese)

সংগঠন বিৰোধী কাম-কাজত লিপ্ত থকাৰ অভিযোগত ছাত্ৰ মুক্তিৰ পৰা বহিষ্কাৰ বিত্ত সম্পাদক পাঠৰীক

April 6, 2019 10:49 am · এন ই নাও নিউজ
Updated: April 6, 2019 4:04 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

অনৈতিকভাৱে ধন সংগ্ৰহ, সংবিধান বিৰোধী, দলৰ আদৰ্শ তথা সংগঠন বিৰোধী কাম কাজত জড়িত থকাৰ অভিযোগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় বিত্ত সম্পাদক হিৰণ্য পাঠৰীক সংগঠনৰ পৰা বহিস্কাৰ কৰা হৈছে। এই কথা জানিবলৈ দিয়ে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদুৎ শইকীয়াই।

তেওঁ লগতে কয় যে যোৱা ১০ মাৰ্চত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আটাইকেইটা যৌথ সংগঠনৰ কাৰ্য নিৰ্বাহক বৈঠকত হিৰণ্য পাঠৰীয়ে পূৰ্বৰে পৰা কৰি অহা বিভিন্ন সংগঠন বিৰোধী কাৰ্যকলাপৰ প্ৰসংগত গভীৰ আলোচনা হৈছিল।

উক্ত বৈঠকতে বিত্ত সম্পাদক গৰাকীক সাত দিনৰ ভিতৰত কৈফিয়ৎ তলব কৰা হৈছিল আৰু সংগঠনটোৱে বান্ধি দিয়া সময়ৰ ভিতৰত তেওঁ কোনো উত্তৰ নিদিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে যোৱা ২ এপ্ৰিলত তেওঁক সংগঠনৰ সকলো পদৰ পৰা বহিস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে ছাত্ৰ সংগঠনটোৰ পৰা বহিস্কৃত নেতাজনে যদি অন্য কোনো ৰাজনৈতিক দল নাইবা কোনো সংগঠনত জড়িত হয় তেন্তে তাৰ বাবে সংগঠনটো দায়বদ্ধ নহয় বুলিও সমিতিৰ কেন্দ্ৰীয় নেতৃবৃন্দই জানিবলৈ দিয়ে।

Related News