• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাল চালাম দিয়া নেতাই পিন্ধিলে গেৰুৱা বসন : ছাত্ৰ মুক্তিৰ নেতাৰ বিজেপিত যোগদান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 6, 2019 12:19 pm
40d9b825-c4d0-474f-bb77-c8685e1ab414

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত শনিবাৰে কেইবাজনো সদস্যৰ সৈতে ছাত্ৰ মুক্তিৰ নেতা হিৰণ্য পাঠৰীৰ যোগদান। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিক নতুন মাত্ৰা প্ৰদান প্ৰদান কৰি শাসকীয় বিজেপি দলত যোগদান কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তিৰ শীৰ্ষ নেতাই। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি নেতাকেইজনে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰবল আন্দোলনৰ প্ৰতিবাদৰ আগশাৰীত অৱস্থান কৰা নেতা নেতাকেইজনৰ গেৰুৱা দলত যোগদানে স্বাভাৱিকতে বিশেষ চৰ্চা লাভ কৰিছে।

Apply Now

বিজেপিৰ ৪০ তম প্ৰতিষ্ঠা দিৱসৰ দিনাই দলটোত যোগদান কৰা ছাত্ৰ মুক্তিৰ নেতাকেইজনৰ ভিতৰত আছে সংগঠনটোৰ বিত্ত সম্পাদক হিৰণ্য পাঠৰী। তদুপৰি, নিতুল ৰাভা, ৰমেন বৰ্মন, বিশ্বজিৎ ভাগৱতী, সূৰ্য কুমাৰ শইকীয়া, পাৰ্থ জ্যোতি বড়ো, বাক মণি কলিতাকে ধৰি ছাত্ৰ মুক্তিৰ সদস্যকেইজনেও লগতে গেৰুৱা দলটোত যোগদান কৰে।

এই একেটা অনুষ্ঠানতে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ সাধাৰণ সম্পাদক যাদৱ দাসেও বিজেপিত যোগদান কৰে।

ইপিনে, বিজেপি চৰকাৰৰ প্ৰতিটো সিদ্ধান্ত বা বিষয়ৰ সমালোচনাৰে মুখৰ হৈ থকা নেতাকেইজনৰ বিজেপিত যোগদান কৰা বিষয়টোৱে সকলোৰে চকু কপালত তুলিছে। সৌ সিদিনালৈকে বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ৰাজপথ উত্তাল কৰি তোলা সংগঠন এটাৰ শীৰ্ষ নেতাৰ বিজেপিত যোগদানে ৰাজনীতিত যে সকলো সম্ভৱ পুনৰ তাকেই এবাৰ প্ৰমাণ কৰিলে।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এসময়ত বিজেপিৰ নেতা, মন্ত্ৰীক ক’লা পতাকা দেখুওৱা কাৰ্যসূচীৰ অন্যতম গুৰি ধৰোঁতা আছিল এই নেতাকেইজন। আনকি অসম সচিবালয়ৰ সন্মুখত উলংগ প্ৰতিবাদৰ নেতৃত্বও লৈছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিত্ত সম্পাদক হিৰণ্য পাঠৰীয়ে। গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীতো ক’লা পতাকা দেখুৱাবলৈ গৈ দিল্লী আৰক্ষীৰ জালত পৰিছিল।

তদুপৰি, ছয়গাওঁত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা দেখুৱাই ৰঙিয়া আৰক্ষীৰ জালত পৰিছিল হিৰণ্য পাঠৰী। তাৰ পাছতেই সংবাদমেল অনুষ্ঠিত কৰি মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্দেশত ৰঙিয়া মহকুমা আৰক্ষী বিষয়াই তেওঁক গুলিয়াই হত্যা কৰাৰ ভাবুকি দিয়া বুলিও মুকলিকৈ অভিযোগ আনিছিল।

উল্লেখযোগ্য যে অনৈতিকভাৱে ধন সংগ্ৰহ, সংবিধান বিৰোধী, দলৰ আদৰ্শ তথা সংগঠন বিৰোধী কাম কাজত জড়িত থকাৰ অভিযোগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় বিত্ত সম্পাদক হিৰণ্য পাঠৰীক যোৱা ২ এপ্ৰিলৰ দিনা সংগঠনৰ পৰা বহিস্কাৰ কৰা হৈছিল।

আনহাতে, দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উলংগ প্ৰতিবাদ সাব্যস্ত কৰা যাদৱ দাসে বিধেয়কৰ সমৰ্থনত থকা দলত যোগদান কৰা কথাই সকলোকে আচৰিত কৰি তুলিছে।

তাৎপৰ্যপূৰ্ণভাৱে, বিজেপিয়ে যোগদান কৰিয়ে হিৰণ্য পাঠৰীয়ে ‘ভাৰত মাতা কি জয়’ আৰু ‘আকৌ এবাৰ মোদী চৰকাৰ’ শ্লোগান দিয়ে।

আনহাতে, বিজেপি আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছতেই সকলোকে মিছড্ কল দিয়াই দলৰ সদস্য ভৰ্তি কৰোৱা হয়।

আজি বিজেপিত যোগদান কৰা ছাত্ৰ মুক্তিৰ নেতা কেইজনৰ সংগঠনটোত থকা  দায়িত্ব সমূহ আছিলঃ- মানস চলিহা, (সম্পাদক, পৰিকল্পনা আৰু ৰণকৌশল), অজিত হাজৰিকা(সাংগঠনিক সম্পাদক, ধেমাজি জিলা), নিতুল ৰাভা(সাংগঠনিক সম্পাদক, কামৰূপ গ্ৰাম্য), ৰমেন বৰ্মন(প্ৰচাৰ সম্পাদক, নলবাৰী জিলা), বিশ্বজিৎ ভাগৱতী(সাংগঠনিক সম্পাদক, নলবাৰী), সূৰ্য্য কুমাৰ শইকীয়া(উপ সভাপতি, মাজুলী আঞ্চলিক), আৰু পাৰ্থ জ্যোতি বড়ো(সভাপতি, গুৱাহাটী ৰূপনগৰ আঞ্চলিক)।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd