অসমৰ প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহৰ অস্থায়ী আৰু অমঞ্জুৰিকৃত শিক্ষকৰ পদত কৰ্মৰত শিক্ষক-কৰ্মচাৰীক অহা ৩১ মাৰ্চৰ ভিতৰত নিলম্বন তথা পুনৰ নিযুক্তি বন্ধ কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে যোৱা ১৮ ফেব্ৰুৱাৰিত এক জাননী জাৰি কৰিছিল।
ৰাজ্যৰ শিক্ষা বিভাগৰ এই হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কাহিলীপাৰাস্থিত উচ্চ শিক্ষা সঞ্চালকালয় ঘেৰাও কৰি এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।
উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ সংগঠনটোৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰে সংবাদ মাধ্যমৰ আগত কয় ‘১৯৯২ চনৰ পৰা ৰাজ্য চৰকাৰে কোনো মহাবিদ্যালয়ৰ শিক্ষকৰ পদ সৃষ্টি কৰা নাই। বৰ্তমানো ৪২৫ টা পদ মহাবিদ্যালয়সমূহত খালী আছে।‘
শিক্ষা ব্যৱস্থাটোক বাণিজ্যিকীকৰণ কৰাৰ বাবেই বিজেপি চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত লোৱা বুলি অভিযোগ কৰি তেওঁ লগতে কয়, ‘ৰাজ্যৰ মহাবিদ্যালয়সমূহত খালী থকা শিক্ষকৰ পদসমূহ পূৰণ নকৰাকৈ বা নতুন পদ সৃষ্টি নকৰাকৈ অস্থায়ী আৰু অমঞ্জুৰিকৃত শিক্ষকসকলক চাফাই কৰি দিয়াটো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কোনো কাৰণতে মানি নলয়।’
ইপিনে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিক্ষা সঞ্চালকক সাক্ষাৎ কৰি প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ অনুমোদিত নোহোৱা পদত অস্থায়ী আৰু ঠিকাভিত্তিক নিযুক্তি বন্ধ কৰাৰ বাবে দিয়া নিৰ্দেশনা বাতিল কৰা, শীঘ্ৰে স্থায়ী শিক্ষক-কৰ্মচাৰী নিযুক্তি দিয়া আৰু নতুনকৈ প্ৰয়োজনীয় পদ সৃষ্টি কৰা তথা বৰ্ধিত ছাত্ৰ-ছাত্ৰীৰ চাহিদা পূৰণ কৰিব পৰাকৈ নতুন চৰকাৰী মহাবিদ্যালয় স্থাপন কৰাৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে।