NORTHEAST NOW (Assamese)

নতুন বছৰত অসমীয়া জাতিৰ স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ হকে সংকল্প ল’বলৈ আহ্বান ছাত্ৰ মুক্তিৰ

December 31, 2019 8:12 pm · পুলেন্দ্র দাস
প্ৰতিনিধিত্বমূলক ছবি

‘ইংৰাজী নৱবৰ্ষ হওঁক অসম আৰু অসমীয়া জাতিৰ স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ সংকল্প।’ অসমবাসীলৈ এই আহ্বান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে এক প্ৰেছ বিবৃতিৰ জৰিয়তে অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰি এই আহ্বান জনায়।

বিবৃতিটোত তেওঁ কয়, ‘বিজেপি চৰকাৰে ‘কা’ৰ জৰিয়তে সংবিধানক উলংঘা কৰি দেশৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ব্যৱস্থাক ধ্বংস কৰি দেশত মৌলবাদী শাসন প্ৰতিষ্ঠাৰ গভীৰ ষড়যন্ত্ৰ কৰিছে।’

ঐতিহাসিক অসম চুক্তিক নসাৎ কৰি অসমীয়া জাতীয়তাবাদ ধ্বংস কৰি অসমীয়া জাতিটোক অদূৰ ভৱিষ্যতে ভাষিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে চিৰদিন সংখ্যালঘূ কৰাৰ গভীৰ ষড়যন্ত্ৰ কৰিছে। গতিকে এই নৱ বৰ্ষত দেশৰ সংবিধান, গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষ ব্যৱস্থা ৰক্ষাৰ সংকল্প লোৱা হওঁক বুলি তেওঁ কয়।

নতুন বছৰৰ প্ৰথম কাৰ্যসূচী হিচাপে ১ জানুৱাৰীত কা’ বিৰোধী জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া ৫জন চহিদক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব বুলিও বিবৃতিটোত উল্লেখ কৰে।

Related News