অভিভাৱকৰ হেঁচাত বহু ভাল ছাত্ৰ-ছাত্ৰী বিপথে পৰিচালিত হৈছে : সত্ৰাধিকাৰ জৰ্নাদন দেৱগোস্বামী

সত্রাধিকাৰ জনাৰ্দন দেৱ গোস্বামী

নগাঁও চহৰৰ কাষৰীয়া মৰিকলঙৰ অগ্ৰণী অনুষ্ঠান প্ৰগতি গ্ৰন্থাগাৰ আৰু সংঘৰ উদ্যোগত সমন্বয় সাংস্কৃতিক কেন্দ্ৰৰ লগতে স্বামী বিবেকানন্দ জুনিয়ৰ কলেজৰ সহযোগত বিগত আঠবৰ্ষৰ দৰে এইবাৰো কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্য দেওবাৰে মৰিকলং ৰাজহুৱা ভৱনত অভিনন্দন জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয়।

চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত নগাঁৱৰ মৰিকলং অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা উদ্দেশ্যে  আয়োজন কৰা অনুষ্ঠানটিত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জৰ্নাদন দেৱগোস্বামী, সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, দৈনিক বাতৰি কাকত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা, নিউজ ১৮ অসম নৰ্থ ইষ্ট অসমৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য, প্ৰাগ নিউজ চেনেলৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

সভাত বিশিষ্ট অতিথি হিচাপে  উপস্থিত থাকি মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জৰ্নাদন দেৱগোস্বামীয়ে কয় যে সাম্প্ৰতিক সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আহি পৰিছে। ছাত্ৰ-ছাত্ৰীসকলে আজিৰ প্ৰতিযোগিতাৰ পৃথিৱীত ভাল আৰু বেয়াৰ বোধগম্য উপলব্ধি কৰিবলৈ শিকিব লাগিব। এই ক্ষেত্ৰত শিক্ষাগুৰুৰ দায়িত্ব অপৰিসীম। কাৰণ, তিনি গুৰুৰ ভিতৰত শিক্ষাগুৰুৱেই শ্ৰেষ্ঠ। আনহাতে, অভিভাৱকৰ হেঁচাত বহু ভাল ছাত্ৰ-ছাত্ৰী বিপথে পৰিচালিত হৈছে। সপোন দেখাৰ প্ৰয়োজনীয়তা আছে যদিও বাস্তৱকহে গুৰুত্ব আৰোপ কৰিব লাগে।

সত্ৰাধিকাৰগৰাকীয়ে পৰিয়ালবোৰৰ মাজত আন্তৰিকতা হ্ৰাস পাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে  ছাত্ৰ-ছাত্ৰী, পৰিয়াল আৰু শিক্ষকে ইয়াৰ দায়িত্ব ল’ব লাগিব। পৰিয়ালসমূহত সংস্কাৰ থকাটো নিতান্তই প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় কেৱল পুথিগত শিক্ষাৰে শিক্ষিত হ’ব নালাগে, ইয়াৰ বাবে গুণগত আৰু নীতিগত শিক্ষাও প্ৰয়োজন।

অনুষ্ঠানত উপস্থিত থাকি নিউজ ১৮ অসম নৰ্থ ইষ্ট অসমৰ মুখ্য সম্পাদক পৰাগমণি আদিত্যই কয় যে নগাঁৱৰ বাসিন্দা গৌৰৱউজ্জ্বল ভূখণ্ডৰ বাসিন্দা। এই নগাঁৱৰে মৰিকলং নৈসৰ্গিক পৰিবেশৰে পৰিপূৰ্ণ এখন ঠাই। ৪৫০ খ্ৰীষ্টব্দতে এই নগাঁৱৰ এজন ৰজাই বাণিজ্য সম্পৰ্ক গঢ়াৰ উদ্দেশ্যে চীনলৈ কটকী পঠাইছিল। এনে প্ৰস্তাৱত সেইসময়ৰ চীনৰ ৰজা উৎফুল্লিত হৈ পৰিছিল। আনকি ব্যৱসায়-বাণিজ্য কৰিবলৈ অহা চীনা লোক সকলে আমাৰ লিপি ব্যৱহাৰ কৰিছিল।

টোল প্ৰতিষ্ঠাৰে শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা নগাঁৱতেই আছিল বুলি উল্লেখ কৰি সাংবাদিকগৰাকীয়ে লগতে কয় পৰবৰ্তী সময়ত নগাঁৱত এই ধাৰা অব্যাহত থাকিব। নগাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে সাহিত্য-সংস্কৃতি, সমাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি ক্ষেত্ৰত দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষ বৰঙণি আগবঢ়াই আহিছে।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে নতুন প্ৰজন্ম আমাৰ ৰাজ্যৰ, দেশৰ ভৱিষ্যত। সেয়ে নতুন প্ৰজন্মক আমি উপযুক্তভাবে গঢ় দিয়াৰ প্ৰয়াস কৰিব লাগিব। তেওঁলোকক উপযুক্তভাবে গঢ় দিব নোৱাৰিলে অসমৰ পৰিৱেশ উন্নত কৰিব পৰা নাযাব। নৱ প্ৰজন্মক উপযুক্তভাবে গঢ় দিয়াৰ চেষ্টাত ব্ৰতী হ’বলৈ কলিতাই শিক্ষক সমাজ আৰু অভিভাৱকসমাজক আহ্বান জনায়।

ভাষণ প্ৰসংগত কলিতাই কয় যে  অকল পুথিগত বিদ্যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল সফল হ’ব নোৱাৰে। নীতিগত আৰু গুণগত শিক্ষাৰ জৰিয়তেহে তেওঁলোক সফল হ’ব পাৰিব। তেওঁ আৰু কয় অধ্যয়ন কৰিলে জ্ঞানৰ পৰিসৰ বৃদ্ধি হয়। জ্ঞানৰ পৰিসৰ বৃদ্ধি হলেই ভাষা, জাতি, সংস্কৃতি, দেশ শক্তিশালী হ’ব। সাম্প্ৰতিক সময়ত ছাত্র-ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব কমি অহা বুলি উল্লেখ কৰি কয় – বৰ্তমান পঢ়ুৱৈৰ সংখ্যা কমিছে। এনে হ’লে সৃষ্টিশীল লোকৰ সৃষ্টিৰাজি হ্ৰাস হৈ পৰিব। সেয়ে জাতিটোক সবল কৰি ৰাখিবলৈ হ’লে কিতাপ পঢ়াৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব।

এই সভাত ভাষণ দি বিধায়ক ৰূপক শৰ্মাই নগাঁৱত শিক্ষাৰ সুস্থ পৰিৱেশ গঢ়ি উঠিছে বুলি উল্লেখ কৰি কয় যে  ছাত্ৰ-ছাত্ৰী সকলে আমাৰ ৰাজ্যখনক নেতৃত্ব দিব পৰাকৈ উপযুক্ত শিক্ষাৰে শিক্ষিত হোৱা উচিত। অনুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে আৰু বিগত সময়ত অঞ্চলটোত মৃত্যুবৰণ কৰা ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত অঞ্চলটোৰ অৰ্ধ শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।