NORTHEAST NOW (Assamese)

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

August 18, 2022 8:55 pm · এন ই নাও নিউজ, যোৰহাট
শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড: পিতাম্বৰ দেৱগোস্বামী।

আজি পহিলা ভাদ। অসমীয়া সমাজৰ পৱিত্ৰ মাহ হিচাপে বিবেচিত হৈ আহিছে ভাদ মাহ। দুয়োজনা গুৰুৰ মহাপ্ৰয়াণ ঘটিছিল এই পৱিত্ৰ ভাদ মাহতেই। ভগৱান কৃষ্ণ উপজিছিল ভাদ মাহতেই। সেই লৈ ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত আজি পুৱাৰে পৰাই হৰি নামৰ ধ্বনি উঠিছে।

টীয়কৰ কলীয়াপানীস্থিত শ্ৰীশ্ৰী আউনীআটী সত্ৰতো মাহজোৰাকৈ আজিৰে পৰা আৰম্ভ হৈছে ভাগৱত ব্যাখ্যা আৰু পালনাম।

লগতে পঢ়ক: প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

এইবাৰ ভাদমাহত কেইবা লাখ ভকতৰ সমাগম ঘটিব বুলি মতপোষণ কৰিছে সত্ৰাধিকাৰ ড: পিতাম্বৰ দেৱগোস্বামীয়ে।

ইপিনে বিগত বৰ্ষৰ দৰে এইবাৰো ভাদমাহত কেইবাগৰাকী স্বনামধন্য লোকক সত্ৰৰ নিৰ্মালিৰে বিভূষিত কৰিব আউনীআটী সত্ৰই।

কণ্ঠ শিল্পী খগেন গগৈক কণ্ঠ শিৰোমণি, বিপুল চেতিয়া ফুকনক কণ্ঠ সুধামৃত, লোকশিল্পী কৈলাশ তালুকদাৰলৈ নাগাৰা নাম শিৰোমণি আৰু ১৮০০ শ্লোকৰ অনুবাদক যোৰহাটৰ বিনন্দ শৰ্মা পূজাৰীলৈ দামোদৰ দেৱ বঁটা আগবঢ়াব এই পৱিত্ৰ ভাদ মাহতেই।

লগতে পঢ়ক: টীয়কত চাঞ্চল্যকৰ ঘটনা; প্ৰেমিকাক চুৰিকাঘাত কৰি আত্মহত্যা প্ৰেমিকৰ

সেয়ে উক্ত সমূহ কাৰ্যসূচীতে সকলো ভক্তপ্ৰাণ বৈষ্ণৱৰ উপস্থিতি তথা দিহা পৰামৰ্শ কামনা কৰি গোবিন্দ মহাপ্ৰভুৰ কৃপা যাতে সকলোৱে লাভ কৰে ভাদ মাহৰ এই পবিত্ৰ ক্ষণত তাকে কামনা কৰিছে সত্ৰাধিকাৰগৰাকীয়ে।

Related News