মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰোধিতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিয়ে বুধবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰোধিতাৰে ছাত্ৰ মুক্তিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৱে শিক্ষা মন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। সংগঠনটোেৱে মহাবিদ্যালয়খনত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধাকৰৰ দিশলৈ যোৱাৰ পৰা অনতি পলমে ৰক্ষা কৰিবলৈ তথা এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযান্ত্ৰিক মহাবিদ্যালয়খন বিজেপি চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

উল্লেখযোগ্য যে চৰকাৰৰ শিক্ষা বিভাগৰ গাফলতি তথা অমনোযোগিতাৰ বাবে অল ইণ্ডিয়া কাউন্সিল ফৰ এডুকেশ্যনে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিছিল। ফলত ইয়াত পূৰ্বৰে পৰা অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক জীৱন এতিয়া অন্ধকাৰ দিশত গতি কৰিছে। যাক লৈ ছাত্ৰ-ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱক সকলো চিন্তিত হৈ পৰিছে।