ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু তিথিত আজি কটন বিশ্ববিদ্যালয়ৰ বাকৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমে কেন্দ্ৰীয় ভাৱে শিল্পী দিৱস উদযাপন কৰা হয়। শিল্পী দিৱস উপলক্ষে শিল্পী সকলৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ উদ্দেশ্যে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশেষ ভাৱে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ আৰু ৰাজীৱ শদিয়াক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।
তাৰোপৰি শিল্পী দিৱস উপলক্ষে বিশিষ্ট সাহিত্যিকক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য এক সম্বৰ্ধনা আৰু মুকলি সভা অনুষ্ঠিত হয়। উক্ত সম্বৰ্ধনা ও মুকলি সভা খন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ সভাপতি পাপু দত্তৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ২০২৪ বৰ্ষত সাহিত্য একাডেমি লাভ কৰা সন্মানীয় অৰুণ ৰাজা বসমুতাৰি দেৱ লগতে উপস্থিত থাকে কাৰ্যকৰী সভাপতি জাকিৰ হুচাইন আৰু অনিন্দিতা দাস , সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা , কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নীৰৱ হাজৰিকাই উপস্থিত থাকি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ আৰু শিল্পী দিৱসৰ উদ্দেশ্য বক্তব্য প্ৰদান কৰে।
শিল্পী দিৱসৰ লগত সংগতি ৰাখি আমন্ত্ৰিত শিল্পী চন্দন দাস আৰু আইলিতা কাশ্যপৰ উপস্থিতিত এক সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰা হয়। শেষত সদ্যপ্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়ালক যোগ্যতা অনুসৰি এটা চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰি দিয়াৰ লগতে আৰ্থিক ভাৱে সকাহ দিয়াৰ দাবী জনায়। তাৰোপৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ভাস্কৰ্য সমূহ সুন্দৰ ভাৱে সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰাৰো দাবী জনায়।