হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতাৰ বিৰোধিতা সত্য ৰঞ্জন বৰাৰ,কি ক’লে বৰাই?

"ইমান দিনে বিজেপিৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আছিলো, এইবাৰ চৰিত্ৰহীনতাৰ বিৰোধ কৰিম"—সত্য ৰঞ্জন বৰা

stya

বিধানসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ প্ৰায় ৭ দিনেই পাৰ হ’ল ,কিন্তু এতিয়াও মুখ্যমন্ত্ৰীকেন্দ্ৰিক বাদ- বিসম্বাদ চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী পদক লৈ সত্য ৰঞ্জন বৰাই দিছে  হুংকাৰ।

চছিয়েল মেডিয়াত এটা পষ্ট যোগে সত্য ৰঞ্জনে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কয়”অসমত যদি কিবা কাৰণত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈয়ো যায় নহয় মই বিজেপি অসম প্ৰদেশৰ বিৰুদ্ধে ঠিয় হোৱা প্ৰথমজন ব্যক্তি হ’ম আজিয়েই কৈ থ’লো।”

আনহাতে তেওঁ পুনৰ কয়”ইমান দিনে বিজেপিৰ সিদ্ধান্তৰ বিৰুদ্ধে কৰি আছিলো এইবাৰ চৰিত্ৰহীনতাৰ বিৰোধ কৰিম আৰু চাম অসমৰ কিমান মানুহৰ স্বকীয়তা আছে আৰু কিমান মানুহ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে বিক্ৰী যাব পাৰে। কোন কিমান আদৰ্শৰ লগত আছে তাৰো প্ৰমাণ হ’ব এইবাৰ।

অসমৰ মান ৰক্ষাৰ উদ্দেশ্যি তেখেতে কয়” কোনো কাৰণতে অসমখন কিছুমান চৰিত্ৰহীন ক্ষমতালোভী এচামৰ ৰম্যভূমি হ’বলৈ নিদিওঁ।অসম কাৰো হাতৰ পুতলা হ’ব নোৱাৰে।কোনো কাৰণত অসমৰ মান্যতা ম্লান হ’বলৈ নিদিওঁ।