U19 World Cup: যুৱ বিশ্বকাপৰ আৰম্ভণিতে বৃহৎ জয় ভাৰতৰ; ৮৪ ৰানত পৰাস্ত কৰিলে বাংলাদেশক

এক বৃহৎ জয়েৰে ভাৰতৰ আৰম্ভণি হৈছে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত। শনিবাৰে গ্ৰুপৰ প্ৰথমখন খেলত উদয় চাহাৰান বাহিনীয়ে বাংলাদেশক ৮৪ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ভাৰতে ৭ উইকেট হেৰুৱাই ২৫১ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশৰ ইনিংছ ১৬৭ ৰানেৰে সমাপ্ত হয়।

সৌম্য পাণ্ডে আৰু মুছিৰ খানে প্ৰথমে চাৰিটা উইকেট দখল কৰে। মেন অৱ দ্য মেচ হয় আদৰ্শ সিং। ভাৰতৰ অ’পেনিং বেটছমেনগৰাকীয়ে ৭৬ ৰান সংগ্ৰহ কৰে।

টছত জয়ী হৈ মাহফুজুৰ ৰহমানে ভাৰতক বেটিং কৰিবলৈ প্ৰেৰণ কৰে। আৰম্ভণিতে ভাৰতে দুটাউইকেট হেৰুৱায়। আৰ্শিন কুলকাৰ্ণী, মুছিৰ খানে কোনো ৰান নাপালে। তৃতীয় উইকেটত আদৰ্শ সিং আৰু উদয় চাহাৰানে ১১৬ ৰান সংযোজন কৰে। ভাৰতীয় অ’পেনাৰগৰাকীয়ে ৯৬টা বলত ৭৬ ৰান সংগ্ৰহ কৰি আউট হয়। অধিনায়কগৰাকীয়ে ৬৪ ৰান সংগ্ৰহ কৰে।

শেষৰ ফালে প্ৰিয়ংশু মোলিয়া, আৰাভেল্লী অৱনীশ আৰু শচীন দাসে গুৰুত্বপূৰ্ণ ৰান সংযোজন কৰে। ৫০ অভাৰৰ শেষত ভাৰতে ৭ উইকেটত ২৫১ ৰান সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ ৫টা উইকেট দখল কৰে মাৰুফ মৃধাই। বাওঁহাতৰ পেচাৰগৰাকীৰ সন্মুখত আত্মসমৰ্পণ কৰে ভাৰতৰ টপ অৰ্ডাৰে।

আনহাতে, ৰান চেজত সম্পূৰ্ণ আত্মসমৰ্পন বাংলাদেশৰ। ৫০ ৰানৰ ভিতৰত ৪ টা উইকেট হেৰুৱায়। কেৱল আৰিফুল ইছলাম (৪১) আৰু মহম্মদ শ্বিহাব জেমছে (৫৪) কিছু প্ৰয়াস চলাইছিল। কিন্তু সেয়াই যথেষ্ট নাছিল।

অৱশেষত ৪৫.৫ অভাৰত ১৬৭ ৰান সংগ্ৰহ কৰি বাংলাদেশৰ ইনিংছ সমাপ্ত হয়। সৌম্য পাণ্ডেই ৪টা উইকেট দখল কৰে। মুছিৰ খানে পায় দুটা উইকেট।