নিৰ্বাচনত বিজেপিক বর্জন কৰি গণতন্ত্ৰ ৰক্ষা কৰক : ৰাজ্যৰ লেখক-বুদ্ধিজীৱীৰ ভোটাৰলৈ আহ্বান

index.jpgcn

নিৰ্বাচনটো অসমৰ জনসাধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ নিৰ্বাচনত ৰাইজে কি সিদ্ধান্ত লয় তাৰ ওপৰত বহু বছৰলৈ অসমৰ ভৱিষ্যত নিৰ্ভৰ কৰিব৷ আমি বিচাৰো আমাৰ সকলোৰে আৰু উঠি অহা প্ৰজন্মৰ জীৱন আৰু জীৱিকা নিৰাপদ হওক৷ অসমত সামাজিক শান্তিৰ পৰিবেশ সৃষ্টি হওক৷ ইয়াৰ বাবে প্ৰয়োজন এক মুক্ত বাতাবৰণ আৰু জনসাধাৰণৰ অধিক নিৰাপত্তাৰ সুনিশ্চয়তা। কিন্তু, বৰ্তমান শাসনত থকা দল তাৰ সম্পূৰ্ণ বিৰোধী৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এইদৰে মন্তব্য কৰে অসমৰ লেখক বুদ্ধিজীৱী সমাজে।

এওঁলোক আকৌ ক্ষমতালৈ আহিলে এনে এটা বাতাবৰণ সম্ভৱ নহ’ব৷ সেয়ে, এইবাৰৰ নিৰ্বাচনত এনে দল বা মিত্ৰজোঁটক ভোট দিয়া উচিত যিটো দল বা দলৰ জোঁটে উপৰোক্ত চৰ্ত কেইটা পূৰণ কৰিব পাৰে৷ শাসক দলৰ জকমকীয়া প্ৰচাৰ আৰু মিছা ফুচুলনিৰ ফুলজাৰিত আপোনালোক ভোল নাযাব৷ আপোনালোকৰ ভুল সিদ্ধান্ত আগত দিনৰ বাবে অতি ক্ষতিকাৰক আৰু বিপজ্জনক হ’ব বুলি মন্তব্য কৰি অসমৰ ৰাইজলৈ সমাজে আহ্বান জনাইছে।

এই চৰকাৰৰ শাসন কালত, অভাৱ অনাটন, উপাৰ্জনক্ষম কৰ্মৰ আকাল, মূল্যবৃদ্ধি, হতাশা আৰু ক্ষোভত অসমৰ ৰাইজ জ্বলাকলা হৈছিল৷এতিয়া, কেৱল ক্ষমতা দখলৰ আশাৰে চৰকাৰী ধন ভঁড়াল উদং কৰি, আশী হেজাৰ কোটি টকাৰ ঋণ চৰকাৰৰ টেটুত ওলোমাই, ভোটাৰ ৰাইজৰ ওপৰত হকে বিহুকে টকাৰ বৰষুণ নমাই সেই ভয়ংকৰ দিনবোৰ পাহৰাই, ভুৱা সপোনত ৰাইজক মতলীয়া কৰাৰ চেষ্টা চলিছে৷

তাৰ উপৰি, এওঁলোকৰ দিনত নিয়োগকে আদি কৰি চৰকাৰী দুৰ্নীতি আৰু ছিণ্ডিকেট ৰাজৰ বাবেও জনসাধাৰণৰ কেনে হাৰাশাস্তি হৈছিল সেইবোৰ পাহৰি গ’লে আমি ডাঙৰ ভুল কৰা হ’ব বুলি উল্লেখ কৰিছে বিবৃবিটোত৷

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বাবে(বিমুদ্ৰাকৰণ, জিএছটি আদি) দেশৰ অর্থনীতি আজি ভয়ংকৰ সংকটত৷ চৰকাৰে কেৱল নিজৰ সুবিধাৰ বাবে বৃহৎ পুঁজিপতি আৰু বহুজাতিক কোম্পানীবোৰক পানীৰ দৰত এপদ এপদকৈ ৰাজহুৱা সম্পদ বিক্ৰী কৰি আছে৷ সাধাৰণ মানুহৰ আয় যেতিয়া দিনক দিনে কমি আহিছে, এওঁলোকৰ আয় আগৰ তুলনাত দুগুণ হৈছে৷ ৰন্ধন গেছ, পেট্ৰল, ডিজেল, বিদ্যুতৰ দাম বাঢ়িয়ে আছে৷ এতিয়া দুটামান টকাৰ বাবে এইবোৰ কথা পাহৰি গ’লে ৰাইজ আওমৰণে মৰিব৷

এই চৰকাৰেই ‘কা’ আইন সমৰ্থন কৰি অসমৰ থলুৱা ভাষা-সংস্কৃতিলৈ বিপদহে মাতি আনিলে৷ পাঁচজনকৈ ডেকা ল’ৰা কা-আন্দোলনত ছহিদ হ’ল৷ সাংবিধানিক সুৰক্ষাৰ বাবে গঠন কৰি দিয়া কমিটিৰ প্ৰতিবেদন ধোৱাচাঙলৈ নিক্ষেপ কৰা হ’ল৷ এতিয়া সেইবোৰ তল পেলাই ৰাইজক বিভ্ৰান্ত কৰিবলৈ এওঁলোকে মোগলৰ আক্ৰমণৰ কথা কৈ, আজমলৰ কথা কৈ ঘৃণণীয় ধৰ্মীয় আৰু সাম্প্ৰদায়িক আৱেগ সঞ্চাৰ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰি অসমৰ জনসাধাৰণক শাসকীয় বিজেপি দলক শাসনৰ পৰা উৎখাট কৰিবলৈ আহ্বান জনাইছে অসমৰ লেখক-বুদ্ধিজীৱী সমাজে৷

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত অসমৰ বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁই, নিৰুপমা বৰগোহাঞি, ডঃ লক্ষ্মীনন্দন বৰা, হৰকৃষ্ণ ডেকা, কুলদা কুমাৰ ভট্টাচাৰ্য, অপূৰ্ব শৰ্মা, অৰূপা পটংগীয়া কলিতা. ডঃ অপূৰ্ব কুমাৰ বৰুৱা, ডঃ আব্দুল মান্না, ইন্দিবৰ দেউৰী, প্ৰভাত বৰা লোকনাথ গোস্বামী, পৰেশ মালাকাৰসহ অসমৰ ২৬ গৰাকী লেখক-বুদ্ধিজীৱীয়ে স্বাক্ষৰ কৰিছে।