ষ্টেট বেংকৰ গ্রাহকলৈ সুখৱৰ : গৃহ ঋণত পুনৰ হ্ৰাস কৰিলে সুতৰ হাৰ

81854-sbi2-pti

ভাৰতীয় ষ্টেট বেংক (এছ বি আই)য়ে আকৌ এবাৰ এম চি এল আৰ (মাৰ্জিন ক’ষ্ট অফ ফাণ্ডছ বেছড্ লেণ্ডিং ৰেট)ৰ হাৰ হ্ৰাস কৰিছে। এছ বি আইয়ে ইয়াত ১০ বুনিয়াদী (basis) পইন্ট হ্ৰাস কৰিছে।

এছ বি আইয়ে এম চি এল আৰ ৮.২৫ শতাংশৰ পৰা হ্ৰাস কৰি ৮.১৫ শতাংশ কৰিছে। এই নতুন সুতৰ হাৰ ১০ ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হ’ব।

এতিয়া আন বেংকসমূহেও এছ বি আইৰ পথকে অনুসৰণ কৰিব পাৰে। ইয়াৰ ফলত হ্ৰস্বম্যাদী সুতৰ হাৰৰ গৃহ ঋণ সস্তা হ’ব। অৱশ্যে, ইয়াৰ তৎকালীনভাৱে ইয়াৰ লাভ পোৱা নাযাব।

বেংকৰ সূত্ৰ অনুসৰি ১০ ছেপ্টেম্বৰৰ পৰা এবছৰৰ বাবে এছ বি আই এচিএলআৰ ৮.১৫ শতাংশ হ’ব। ২০১৯-২০ বিত্তীয় বৰ্ষত এছ বি আইয়ে ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে এম চি এল আৰ হাৰ হ্ৰাস কৰিলে।

অৱশ্যে, ইয়াৰ উপৰি এছ বি আইয়ে ফিক্স ডিপ’জিট বা এফ ডিত সুতৰ হাৰত ২০ৰপৰা ২৫ বুনিয়াদী পইন্ট অৰ্থাৎ প্ৰায় ৮ শতাংশ হ্ৰাস কৰিছে।

এম চি এল আৰ হ্ৰাস পোৱাৰ ফলত গৃহ ঋণৰ সুতৰ হাৰত বা ই এম আইত তৎকালীন প্ৰভাৱ নপৰে। দৰাচলতে এছ বি আইৰ হ্ৰস্বম্যাদী সুতৰ হাৰৰ গৃহ ঋণ এবছৰৰ এম চি এল আৰৰ সৈতে যুক্ত হৈ থাকে আৰু ইয়াত এবছৰৰ বাবে এই হাৰ প্ৰযোজ্য থাকে।

অৰ্থাৎ কাৰোবাৰ যদি আগষ্ট মাহত সুতৰ হাৰ বলবৎ হৈ গৈছে আৰু ইয়াৰ পাছত এম চি এল আৰত সলনি হয় তেনেহ’লে ইয়াৰ লাভ পৰৱৰ্তী বছৰৰ অৰ্থাৎ পৰৱৰ্তী আগষ্ট মাহলৈকে পোৱা যাব।

এছ বি আইৰ গৃহ ঋণ আৰু অটো ঋণৰ বজাৰত ক্ৰমে ৩৫ শতাংশ আৰু ৩৬ শতাংশ অংশীদাৰী আছে। ধাৰাবাহিক আবেদনৰ পাছত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বেংকবিলাকক সকলো ঋণ ৰেপ’ ৰেটৰ সৈতে যুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

আৰ বি আইয়ে সকলো বেংককে ১ অক্টোবৰৰ পৰা ৰেপ’ ৰেটৰ সৈতে গৃহ ঋণ, গাড়ীৰ ঋণ, ব্যক্তিগত ঋণ আৰু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰৰ সৈতে জড়িত সকলো ঋণ সংযুক্ত কৰিবলৈ কৈছে।