NORTHEAST NOW (Assamese)

১৮ ছেপ্তেম্বৰৰ পৰা সলনি হ’ব SBI এ টি এমৰ টকা উলিওৱাৰ নিয়ম

September 16, 2020 9:29 pm · এন ই নাও নিউজ
এচ বি আই এ টি এমৰ ফাইল ছবি।

ষ্টেট বেংক অৱ ইণ্ডিয়াই ইয়াৰ এ টি এমৰ পৰা ১০ হাজাৰতকৈ অধিক টকা উলিওৱাৰ ক্ষেত্ৰত ১৮ ছেপ্তেম্বৰৰ পৰা এক নতুন নিয়ম প্ৰচলন কৰিব।

১৮ ছেপ্তেম্বৰৰ পৰা ২৪ ঘণ্টাই ১০ হাজাৰতকৈ অধিক ধন উলিওৱাৰ ক্ষেত্ৰত এছ বি আয়ে অ’টিপি-ভিত্তিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব।

গ্ৰাহকে ১০ হাজাৰতকৈ অধিক ধন উলিওৱাৰ সময়ত পিন ব্যৱহাৰ কৰাৰ লগতে পঞ্জীকৃত ম’বাইল ন’ম্বৰত অহা অ’টিপিও ব্যৱহাৰ কৰিব লাগিব।

সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৮ বজালৈকে ১০ হাজাৰতকৈ অধিক ধন উলিওৱাৰ ক্ষেত্ৰত এছ বি আয়ে ইতিপূৰ্বে যোৱা জানুৱাৰিৰ পৰা এই নিয়ম প্ৰচলন কৰিছিল।

ভাৰতৰ বৃহত্তম বেংকটোৱে সেয়ে সকলো গ্ৰাহককে নিজৰ ম’বাইল নম্বৰ পঞ্জীয়ন বা আপডেট কৰিবলৈ আহ্বান জনাইছে।

এ টি এম ব্যৱহাৰ নিৰাপদ কৰি তোলাৰ বাবেই বেংকটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে।

Related News