মাত্ৰ এটা ফোনকল অথবা বাৰ্তা পঠিয়ালেই দুৱাৰমুখত উপলব্ধ হ’ব এছ বি আই এ টি এম সেৱা

ভাৰতৰ সৰ্ববহৎ ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই ইয়াৰ গ্ৰাহক সকলৰ বাবে দুৱাৰ দলিত উপলব্ধ হোৱাকৈ এ টি এম সেৱাৰ শুভাৰম্ভ কৰিব।

এছ বি আইৰ গ্ৰাহক সকলে এই এ টি এম সেৱা লাভ কৰিবলৈ হ’লে মাত্ৰ বিভাগীয় এছ বি আই কৰ্তৃপক্ষলৈ মাত্ৰ এটা ফোন অথবা হোৱাটছএপ মেছেজ দিব লাগিব।

ক’ৰ’না মহামাৰীৰ সময়ত জনসাধাৰণক সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত বেংকটোৰ এই সিদ্ধান্তই যথেষ্ট পৰিমাণে সহায় কৰিব বুলি আশা কৰা হৈছে।

এছ বি আইৰ লক্ষ্নৌ শাখাৰ মুখ্য প্ৰবন্ধক অজয় কুমাৰ খান্নাই জনোৱা মতে লক্ষ্নৌত পৰীক্ষামূলকভাৱে এই সেৱা আৰম্ভ কৰা হৈছে।

‘‘চলিত স্বাধীনতা দিৱসত লক্ষ্নৌ এছ বি আইয়ে পৰীক্ষামূলকভাৱে দুৱাৰদলিত উপলব্ধ হোৱা এ টি এম সেৱা আৰম্ভ কৰিছে,’’ খান্নাই লগতে প্ৰকাশ সদৰী কৰে।

২০১৮ চনৰ পৰা এছ বি আইয়ে ডোৰষ্টেপ বেংকিঙ(ডি এছ বি) আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছিল।

এইক্ষেত্ৰত বেংকটোৱে মূলধন জমা কৰা, কেচ ডেলিভাৰী, চেক পিকআপ, ড্ৰাফট ডেলিভাৰী আদিৰ দৰে সেৱাক সামৰি লৈছিল।

বেংকটোৰ ৱেবচাইটত প্ৰকাশিত অনুসৰি এইসেৱাত বেংকটোৱে ৭০ বছৰৰ উৰ্ধৰ জেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম লোক সকলক অগ্ৰাধিকাৰ দিব।