YONO cash-অৰ শুভাৰম্ভণি; কাৰ্ড নোহোৱাকৈ ATM-অৰ পৰা ধন উলিয়াব পাৰিব SBI-ৰ গ্ৰাহকে

15-03-19 Guwahati- Yono SBI ATM launch (2)

এছ বি আইৰ য়োনো এপ মুকলি কৰাৰ সময়ত

ভাৰতীয় ষ্টেট বেংকে ইয়াৰ গ্ৰাহককসকলক অত্যাধুনিক প্ৰযুক্তি কৌশলৰ সুযোগ প্ৰদান কৰিব পৰাকৈ আজি এটা এপ ভিত্তিক নতুন ব্যৱস্থাৰ শুভাৰম্ভণি কৰিছে। য়োনো (YONO) কেচ এপ নামৰ এই এপটোৰ জৰিয়তে এতিয়াৰ পৰা গ্ৰাহকসকলে debit card/ATM card নোহোৱাকৈয়ে এ টি এমৰ পৰা ধন উলিয়াব পাৰিব।

আজি সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো এই এপটো মুকলি কৰে উত্তৰ-পূব মণ্ডলৰ মুখ্য মহাপ্ৰবন্ধক সুনীল কুমাৰ টেণ্ডনে।

কেনেকৈ YONO এপৰ জৰিয়তে ATM-অৰ পৰা ধন উলিয়াব?

এই এপটোৰ জৰিয়তে বেংকটোৰ গ্ৰাহকে বিশেষ এটা প্ৰক্ৰিয়া অনুসৰণ কৰি ইয়াৰ এ টি এমবোৰৰ পৰা কাৰ্ডবিহীনভাৱে ধন উলিয়াব পাৰিব।

গ্ৰাহকজনে য়োনো (YONO, সম্পূৰ্ণ অৰ্থ You Only Need One) কেছ এপটোত প্ৰছেচ আৰম্ভ কৰি ৬টা অংকৰ এটা পিন স্থিৰ কৰিব লাগিব। তেতিয়া তেওঁৰ বেংকত পঞ্জীয়নকৃত ম’বাইল নম্বৰত ৬টা অংকৰ এটা ৰেফাৰেন্স নম্বৰ এছ এম এছ যোগে লাভ কৰিব। তাৰ পৰৱৰ্তী ৩০ মিনিটৰ ভিতৰত গ্ৰাহকজনে পিন আৰু ৰেফাৰেন্স নম্বৰ ব্যৱহাৰ কৰি এ টি এমত ধন উলিয়াব পাৰিব।

বেংকটোৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা এটা প্ৰেছ টোকাত কয় যে সম্পূৰ্ণ লেনদেন ব্যৱস্থা পৰিস্থিতিতন্ত্ৰৰ সৈতে খাপখোৱা কৰি অহা দুবছৰৰ ভিতৰত এখন ডিজিটেল বিশ্ব সৃষ্টি কৰাই বেংকটোৰ এনে পদক্ষেপৰ আঁৰৰ লক্ষ্য।

এই ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকে এবাৰত ২০,০০০ টকা পৰ্যন্ত ধন উলিয়াব পাৰিব। এই সেৱাৰ বাবে উপযুক্ত কৰি তোলা এ টি এমবোৰক য়োনো কেছ পইণ্ট বোলা হ’ব।

বেংক কৰ্তৃপক্ষই এই ব্যৱস্থাটো দ্বিতৰপীয়া সুৰক্ষা পদ্ধতিৰ (য়ুজাৰ নেইম আৰু পাছৱ’ৰ্ডৰ উপৰঞ্চি সুৰক্ষা প্ৰণালীযুক্ত) দ্বাৰা সুৰক্ষিত আৰু ই ফিজিকেল কাৰ্ডতকৈ অধিক নিৰাপদ বুলি দাবী কৰে।