এছ বি আই বনাম ডাকঘৰ; কোনে আপোনাক দিব অধিক সুত? জানিবলৈ পঢ়ক

22dba049a537a5900725d7cfb9b94479

প্ৰতিনিধিত্বমূলক ফ'টো

ভাৰতীয় ষ্টেট বেংক আৰু ভাৰতীয় ডাকঘৰ দুয়োটাই ইয়াৰ গ্ৰাহকৰ বাবে ৰেকাৰিং ডেপ’জিটৰ সুবিধা প্ৰদান কৰিছে।

পিছে আপুনি কোনটো প্ৰতিষ্ঠানৰ পৰা অধিক সুত লাভ কৰিবলৈ সক্ষম হ’ব? এছ বি আইৰ নে ডাকঘৰৰ ৰেকাৰিং ডেপ’জিটত (RD) আপুনি অধিক সুত পাব?

পিৰিয়ড

এছ বি আইত RD ৰ ন্যূনতম সময়সীমা হৈছে ১২ মাহ আৰু সৰ্বাধিক সময়সীমা হৈছে ১২০ মাহ। আনহাতে ডাকঘৰৰ RD সময়সীমা ৫ বছৰ।

সুতৰ হাৰ

এছ  বি আইৰ RDৰ সুতৰ হাৰ পিৰিয়ড হিচাবত ৬.৪০%ৰ পৰা ৬.৮৫% প্ৰদান কৰে। অৱেশ্যে জ্যেষ্ঠ নাগৰিকক এই হাৰতকৈ ০.৫০%  অধিক প্ৰদান কৰা হয়। আনহাতে ডাকঘৰৰ RDৰ সুতৰ হাৰ হৈছে ৭.৩% শতাংশ।

RD একাউন্ট কেনেকৈ খুলিব

এছ বি আইত ছেভিংছৰ একাউন্ট থকাসকলে অনলাইন যোগে RDৰ একাউন্ট খুলিব পাৰিব। কিন্তু ডাকঘৰত অফিচলৈ গৈ RDৰ একাউন্টটো খুলিব লাগিব।

জমা ধনৰ পৰিমাণ

এছ বি আইৰ RDত ন্যূনতম ১০০ টকাৰ পৰা সৰ্বোচ্চ কোনো সীমা নাই। ডাকঘৰত ন্যূনতম দৈনিক ১০ টকা আৰু সৰ্বোচ্চ কোনা সীমা নাই।

পেনাল্টি চাৰ্জ

এছ বি আইৰ RDত মাহিলি নিয়মীয়াকৈ ধন জমা নকৰিলে জৰিমনা হিচাপে ৫ বছৰ ওপৰৰ একাউন্টৰ পৰা প্ৰতি ১০০ টকাত ১.৫ টকা আৰু ৫ বছৰৰ তলৰ একাউন্ট হ’লে প্ৰতি ১০০ টকাত ২ টকাকৈ কটা হয়। আনহাতে ডাকঘৰত প্ৰতি ৫ টকাত ০.০০৫ টকাকৈ জৰিমনা হিচাপে কটা হয়। যদি ৪ মাহ একেৰাহে ডাকঘৰৰ RDত ধন জমা কৰা নহয় তেনে RD একাউন্টটো বন্ধ কৰি দিয়া হয়।