১০ জুনৰ পৰা বলবৎ হ’ব নতুন নিয়ম; এছ বি আইৰ গ্ৰাহকে লাভ কৰিব এই সুবিধা

sbi_1567771408-750x375

প্ৰতিনিধিত্বমূলক ফটো

ভাৰতীয় ষ্টেট বেংক অৰ্থাৎ এছ বি আইৰ গ্ৰাহকৰ বাবে আছে নতুন খৱৰ। ১০ জুনৰ পৰা এছ বি আইৰ এক নতুন নিয়ম বলবৎ হ’ব। বেংকটোৰ কোটি সংখ্যক গ্ৰাহকে লাভ কৰিব ইয়াৰ সুবিধা।

প্ৰকৃততে, এছ বি আইয়ে ১০ জুনৰ পৰা মাৰ্জিনেল কষ্ট অফ ফাণ্ডছ বেস্ড লেণ্ডিং ৰেটছ (এমচিএলআৰ) অৰ্থাৎ নিজৰ পুঁজিৰ সীমাৰ ওপৰত আধাৰিত সুতৰ হাৰ ০.২৫শতাংশ কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে।

এই কৰ্তনৰ ফলত এবছৰৰ এমচিএলআৰৰ হাৰ ৭.২৫ শতাংশৰ পৰা ৭ শতাংশলৈ হ্ৰাস পাব।

উল্লেখ্য যে বেংকটোৰ ফালৰ পৰা একেৰাহে ১৩ সংখ্যক বাৰৰ বাবে এমচিএলআৰৰ হাৰত কৰ্তন কৰা হৈছে।

ইয়াৰ পূৰ্বে এছ বি আইয়ে এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেট (ইবিআৰ)ৰ সৈতে জড়িত সুতৰ হাৰ বছৰি ৭.০৫ শতাংশৰ পৰা ৬.৬৫শতাংশলৈ হ্ৰাস কৰিছিল।

আনহাতে, ৰেপ’ ৰেটৰ সৈতে জড়িত সুতৰ হাৰ ৬.৬৫শতাংশৰ পৰা হ্ৰাস কৰি ৬.২৫ শতাংশ কৰা হৈছে। অৱশ্যে এই নতুন সুতৰ হাৰ জুলাইৰ পৰা বলবৎ হ’ব।

বেংকৰ পৰা এক বিবৃতিত কোৱা হৈছে যে এমচিএলআৰ সুতৰ হাৰৰ সৈতে জড়িত গৃহ ঋণৰ সমান মাহিলী কিস্তিৰ ধনত ৪২১টকা কম পৰিব।

ইপিনে, ইবিআৰ আৰু এডুকেশ্যন লোন ৰেপ’ লিংক লেণ্ডিং ৰেট (আৰএলএলআৰ)ৰ সৈতে জড়িত গৃহ ঋণৰ মাহিলি কিস্তিত ৬৬০টকা কম আহিব। এইটো ৩০বছৰৰ সীমাৰ ২৫ লাখ টকাৰ গৃহ ঋণৰ ক্ষেত্ৰত কৰা হৈছে।

কৰ’নাৰ সংকটৰ মাজতে ঋণ প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা বেংকসমূহক উৎসাহিত কৰাও হৈছে।

উল্লেখ্য যে ৰিজাৰ্ভ বেংকে লকডাউনৰ মাজতে দুবাৰকৈ ৰেপ’ ৰেট কৰ্তন কৰিছে।