NORTHEAST NOW (Assamese)

ভাৰতীয় ষ্টেট বেংকৰ খানাপাৰা শাখাৰ কৰ্মচাৰী কোভিড-১৯ পজিটিভ; অস্থায়ীৰূপে বন্ধ কৰি দিয়া হ’ল শাখাটো

June 23, 2020 10:04 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

মেঘালয়ৰ ৰি-ভ’ই জিলাৰ অসম সীমান্তৱৰ্তী ভাৰতীয় ষ্টেট বেংকৰ খানাপাৰা শাখাৰ এগৰাকী কৰ্মচাৰীক ক’ৰ’না পজিটিভ পোৱাৰ পাছতে শাখাটো অস্থায়ী ৰূপে বন্ধ কৰি দিয়া হয়।

মেঘালয় চৰকাৰে ভাৰতীয়  ষ্টেট বেংকৰ শাখাটোৰ কৰ্মচাৰী এগৰাকী ক’ৰ’না পজিটিভ হোৱা বুলি খবৰ লাভ কৰাৰ পাছতে উক্ত শাখাতো অস্থায়ী ৰপে বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়ে বুলি স্বাস্থ্য মন্ত্ৰী এ এল হেকে জানিবলৈ দিয়ে।

আনহাতে, বেংকটোৰ কৰ্মচাৰী গৰাকী ক’ৰ’না পজিটিভ হোৱাৰ পাছতে উক্ত কৰ্মচাৰী গৰাকীৰ সংস্পশলৈ অহা সকলো লোকক চিনাক্ত কৰাৰ বাবে বৰ্তমান চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বুলিও এ  এল হেকে লগতে কয়।

উল্লেখযোগ্য যে, বেংকটোৰ ক’ৰ’না আক্ৰান্ত কৰ্মচাৰী গৰাকী অসমৰ সেয়েহে উক্ত কৰ্মচাৰী গৰাকী অসমৰ ক’ৰ’না আক্ৰান্তৰ সংখ্যাৰ ভিতৰত পৰিব বুলিও মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে।

ৰি-ভ’ই জিলাৰ উপায়ুক্ত গৰাকীয়ে বেংকটোৰ কৰ্মচাৰী গৰাকীৰ সংস্পৰ্শলৈ অহা সকলো লোককে জিলা প্ৰশাসনৰ লগত সহযোগিতা কৰিবলৈ আহ্বান জনায়।

Related News