নাগৰিকত্ব (সংশোধন) আইনৰ গোচৰৰ প্ৰথমটো শুনানি উচ্চতম ন্যায়ালয়ত; স্থগনাদেশ নিদিলে; কেন্দ্ৰীয় চৰকাৰলৈ জাননী

Supreame-Court-of-India-750x375-1-1

দেশৰ বাহিৰে-ভিতৰে তীব্ৰ বিতৰ্ক আৰু আপত্তিৰ সৃষ্টি কৰা নাগৰিকত্ব (সংশোধন) আইনখনৰ ওপৰত অন্তৰ্ৱৰ্তী স্থগনাদেশ দিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে।

আজি শীৰ্ষ আদালতখনে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰা নাগৰিকত্ব আইনৰ “সাম্প্ৰদায়িক” সংশোধনৰ বিৰুদ্ধে দেশৰ বিভিন্ন দল, সংগঠন, ব্যক্তিয়ে দাখিল কৰা আৱেদনৰ প্ৰথমটো শুনানি লৈছিল।

মুঠ ৫৯খন আৰ্জিৰ প্ৰায়বোৰতে আৱেদনকাৰীসকলে এই সংশোধনৰ ওপৰত অন্তৰ্ৱৰ্তী স্থগনাদেশ প্ৰাৰ্থনা কৰিছিল।

প্ৰথম শুনানিতে স্থগনাদেশ দিবলৈ অস্বীকাৰ কৰিলেও শীৰ্ষ আদালতখনে কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে আৰু আইনখনৰ ওপৰত কিয় স্থগনাদেশ দিয়া নহ’ব তাৰ কাৰণ দৰ্শাবলৈ কৈছে।

“মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে যিহেতু আইনখন এই পৰ্য্যন্ত কাৰ্য্যকৰী হোৱা নাই, গতিকে স্থগনাদেশৰ কথা নাহে”, আজি শুনানিৰ সময়ত উপস্থিত থকা আৰু আইনখনৰ বিৰুদ্ধে আদালতত এটা পক্ষ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে সংবাদ মাধ্যমক কয়।

আজিৰ শুনানিৰ সময়ত আছুৰ অধিবক্তাও উপস্থিত আছিল আৰু অসমৰ পৰিস্থিতিৰ কথা আদালতৰ মজিয়াত দাঙি ধৰা বুলি সংগঠনটোৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই জানিবলৈ দিছে।

আৰ্জিবোৰৰ শুনানিৰ পিছতে উচ্চতম ন্যায়ালয়ে আজি কেন্দ্ৰীয় চৰকাৰলৈ এই গোচৰত জাননী দি আইনখনৰ ওপৰত কিয় স্থগনাদেশ দিয়া নহ’ব কাৰণ দৰ্শাবলৈ কৈছে।

অহা ২২ জানুৱাৰিত গোচৰটোৰ পুনৰ শুনানি হ’ব। কাইলৈৰ পৰা ২ জানুৱাৰিলৈকে উচ্চতম ন্যায়ালয় বন্ধ থাকিব।

আইনখন সাম্প্ৰদায়িক আৰু ভাৰতৰ সংবিধানৰ মৌলিক চৰিত্ৰ ই মষিমূৰ কৰিছে বুলি বহুতো আৱেদনকাৰীয়ে নিজৰ আৰ্জিত উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাইছে।

অসমৰ আছু, অঃ জাঃ যুঃ ছাঃ পঃ-কে ধৰি বিভিন্ন দল, সংগঠন, ব্যক্তিয়ে এই আইনখনে অসম চুক্তিক উলংঘা কৰিছে আৰু অসমৰ ভাষা, সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিব বুলি নিজৰ শংকা ব্যক্ত কৰি আহিছে।

যোৱা ১৩ ডিচেম্বৰত নাগৰিকত্ব (সংশোধন) আইন হিচাপে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰা বিতৰ্কিত আইনখনক লৈ গোটেই দেশৰ লগতে উত্তৰ-পূব আৰু অসমত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে।