হাজেলাৰ আশংকাক নস্যাৎ সৰ্বোচ্চ ন্যায়ালয়ৰ : এনআৰচিত ৫বিধ নথি বাহাল

NRC-750x375

প্রতিনিধিত্বমূলক ফটো

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰাত অন্তৰ্ভুক্ত নোহোৱা ব্যক্তিসকলৰ দাবী আৰু অভিযোগ প্ৰপত্ৰ পূৰণৰ অন্তিম তাৰিখ ডিচেম্বৰৰ ১৫ তাৰিখ পৰ্যন্ত আগুৱাই দিছে।

১ নৱেম্বৰ বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ ৫বিধ নথিৰ ওপৰত থকা অভিযোগ নস্যাৎ কৰে। নাগৰিকত্বৰ সমৰ্থনত কঠোৰ পৰীক্ষাৰ অন্তত এই ৫ বিধ নথি বৈধ বুলি গ্ৰহণ কৰা হ’ব বুলি সৰ্বোচ্চ ন্যায়ালয়ে অনুমোদিত কৰে।

পৰিয়ালবৃক্ষৰ তথ্য উক্ত নথিসমূহ জাল কৰিব পাৰে বুলি এনৰচিৰ ৰাজ্যিক সমন্বয়ক হাজেলাই কৰা আশংকা সৰ্বোচ্চ ন্যায়ালয়ে নস্যাৎ কৰে। অসম চৰকাৰকে ধৰি বহু সংগঠনে হাজেলাৰ পৰামৰ্শৰ বিৰোধিতা কৰি উক্ত ৫খন নথি অন্তৰ্ভুক্ত কৰাৰ বাবে শপতনামা দাখিল কৰিছিল।

উক্ত ৫বিধ নথি হৈছে ১৯৫১ৰ এনআৰচি, ১৯৬৬ৰ ভোটাৰ তালিকা, ১৯৭১ৰ ভোটাৰ তালিকা, ১৯৭১লৈকে শৰণাৰ্থী পঞ্জীয়ন প্ৰমাণপত্ৰ আৰু ১৯৭১ৰ মাৰ্চৰ ২৪লৈকে দিয়া ৰেচন কাৰ্ড।

ইয়াৰ পূৰ্বে ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰএফ নৰিমেনৰ এখন বিচাৰপীঠে দাবী আৰু অভিযোগ দাখিল কৰাৰ বাবে ২৫ ছেপ্টেম্বৰৰ পৰা ৬০ দিনৰ ভিতৰত এটা দিন স্থিৰ কৰিছিল।

উল্লেখ্য যে বিগত ৩০ জুলাইত প্ৰকাশ পোৱা এনআৰচিৰ অন্তিম খচৰাত ৪০ লাখৰো অধিক ব্যক্তিৰ নাম বাদ পৰিছিল আৰু ইয়াৰ পৰা বাদ পৰা লোকসকলক দাবী আৰু অভিযোগৰ বিকল্প প্ৰদান কৰা হৈছিল।