কেন্দ্ৰৰ আপোনাৰ কম্পিউটাৰত থকা গোপনীয় তথ্য লোৱাৰ অধিকাৰত বাধা দিব পাৰে উচ্চতম ন্যায়ালয়ে

কেন্দ্ৰক উত্তৰ দিবলৈ ৬ সপ্তাহৰ সময়সীমা শীৰ্ষ আদালতখনৰ

Snooping on PC

দেশৰ নাগৰিকৰ ব্যক্তিগত কম্পিউটাৰত থকা গোপনীয়, ব্যক্তিগতকে ধৰি সকলো ধৰণৰ তথ্যৰ ওপৰত কেন্দ্ৰই ইয়াৰ দহটা এজেন্সিক চোৰাংচোৱাগিৰি কৰাৰ যি অধিকাৰ দিলে তাৰ বাবে কেন্দ্ৰক ৬ সপ্তাহৰ ভিতৰত কৈফিয়ৎ তলব কৰিছে উচ্চতম ন্যায়ালয়ে। আজি উচ্চতম ন্যায়ালয়ে এই অধিকাৰ প্ৰদান কৰি জাৰি কৰা অধিসূচনাখনৰ বিৰোধিতা কৰি দাখিল কৰা এখন আৱেদনৰ শুনানি লৈ কেন্দ্ৰক ইয়াৰ উত্তৰ দিয়াৰ নিৰ্দেশ দিয়ে।

শীৰ্ষ আদালতখনত বিৰোধিতা কৰি ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনখন দাখিল কৰিছিল অধিবক্তা মনোহৰলাল শৰ্মাই। তেওঁ আবেদনখনত এই অধিসূচনাখনক অবৈধ, অসাংবিধানিক আৰু আইনৰ ক্ষমতাৰ বাহিৰত যোৱা বুলি আখ্যা দিছে।

আবেদনখনত তেওঁ এই অধিসূচনাখনৰ ভিত্তিত কোনো ব্যক্তিক আই টি আইনৰ অধীনত শাস্তি দিয়াৰো বিৰোধিতা কৰে।

আৱেদনখনত তেওঁ শংকা প্ৰকাশ কৰি অভিযোগ কৰে যে এই অধিসূচনাই চৰকাৰক প্ৰতিটো যোগাযোগ, কম্পিউটাৰ আৰু ম’বাইল নিৰীক্ষণ কৰিবলৈ অধিকাৰ দিব আৰু সেইদৰে বৰ্তমান শাসনত থকা ৰাজনৈতিক দলটোৰ স্বাৰ্থ আৰু উদ্দেশ্যক সুৰক্ষিত কৰিব।

উল্লেখযোগ্য যে যোৱা ২০ ডিচেম্বৰত চৰকাৰে উক্ত অধিসূচনাখন জাৰি কৰিছিল, যি কেন্দ্ৰীয় চৰকাৰৰ দহটা এজেন্সিক যিকোনো মানুহৰ ব্যক্তিগত কম্পিউটাৰ, ম’বাইলত থকা তথ্য, ইয়াৰ জৰিয়তে হোৱা যোগাযোগ, বাৰ্তাৰ আদান-প্ৰদানত চোৰাংচোৱাগিৰি কৰাৰ যি অধিকাৰ দিয়ে। এই এজেন্সিকেইটাৰ ভিতৰত আছে আই বি, চি বি আই, এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, দিল্লী পুলিচ আদি। অধিসূচনাখনত কোৱা হৈছে যে এই এজেন্সিসমূহে যদি য়ুজাৰৰ কম্পিউটাৰৰ (অথবা ম’বাইল) যিকোনো তথ্য access কৰিব খোজে আৰু য়ুজাৰজনে সুবিধা আৰু কাৰিকৰীগতভাৱে সহযোগ নকৰে তেন্তে ৭ বছৰ পৰ্য্যন্ত কাৰাবাস হ’ব পাৰে।

কেন্দ্ৰীয় চৰকাৰে যোৱা ২০ ডিচেম্বৰত এই অধিসূচনাখন জাৰি কৰাৰ পিছতে নাগৰিকৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ উলংঘা কৰিব বুলি সমগ্ৰ দেশতে সমালোচনা উঠিছিল।

মন কৰিব লগীয়া যে সমগ্ৰ দেশতে ছ’চিয়েল মিডিয়াত চৰকাৰৰ কাম-কাজ আৰু শাসক বিজেপিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ চলি আহিছে। অসমতো ছ’চিয়েল মিডিয়াত চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰি বহুকেইজনে আৰক্ষীৰ পাকত পৰিব লগীয়া হৈছে। অধিসূচনাখন জাৰি কৰাৰ আঁৰত চৰকাৰৰ ভয়-ভাবুকিৰে জনগণৰ কণ্ঠৰোধ কৰাৰ কৌশল বুলি মন্তব্য কৰিছিল সচেতন নাগৰিকে।