NORTHEAST NOW (Assamese)

লোকসভা নিৰ্বাচনৰ ৩৪৭টা সমষ্টিৰ ভোটৰ সংখ্যাত বিসংগতি! নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

December 17, 2019 7:14 pm · এন ই নাও নিউজ
Updated: December 17, 2019 7:15 pm
প্ৰতিনিধিত্বমূলক ছবি।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৩৪৭টা সমষ্টিত EVM মেচিনবোৰে দেখুওৱা ভোটৰ সংখ্যাত ব্যাপক বিসংগতিৰ তথ্য পোহৰলৈ আহিছে।

এই বিসংগতিবোৰ গুৰুতৰ ধৰণৰ বুলি দাবী কৰা দুটা বেচৰকাৰী সংস্থাৰ আৰ্জি গ্ৰহণ কৰাৰ পিছত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগলৈ জাননী প্ৰেৰণ কৰিছে, নেশ্যনেল হেৰল্ডত এই কথা প্ৰকাশ।

বাতৰিটো প্ৰকাশ পোৱা মতে, মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে ২০২০ চনৰ ফেব্ৰুৱাৰিত এই আৰ্জিৰ শুনানি ল’বলৈ সাজু হৈছে।

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এ ডি আৰ) আৰু কমন কজ নামৰ স্বেচ্ছাসেৱী সংগঠনকেইটাই নিজৰ আৰ্জিত দাবী কৰিছে যে ৩৪৭টা সমষ্টিত মুঠ ভোটদানৰ সংখ্যা আৰু ভোট গণনাত ওলোৱা সংখ্যাৰ মাজত গুৰুতৰ বিসংগতি পোৱা গৈছে।

স্বেচ্ছাসেৱী সংগঠন দুটাই ৫৪২টা সমষ্টিৰ নিৰ্বাচন আয়োগৰ পৰা লাভ কৰা তথ্যক লৈ গৱেষণা কৰিছিল।

সংগঠনকেইটাৰ দাবী, মুঠ ভোটদান আৰু ভোট গণনাত পোৱা ভোটৰ সংখ্যাৰ মাজত ১-ৰ পৰা ১,০১,৩২৩টালৈকে ভোটৰ ব্যৱধান পোৱা গৈছে।

সংগঠনকেইটাই ভৱিষ্যতৰ সকলো নিৰ্বাচনত তথ্যত (data) হোৱা বিসংগতিৰ অনুসন্ধান কৰিব পৰাকৈ এটা শক্তিশালী প্ৰণালী প্ৰস্তুত কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়াটো কামনা কৰিছে।

আৰু লগতে আৰ্জিখনত সংগঠন দুটাই ভৱিষ্যতে যিকোনো নিৰ্বাচনৰ ফল ঘোষণাৰ পূৰ্বে সঠিকভাৱে তথ্য মিলাই চোৱাৰ দাবী জনাইছে।

নিৰ্বাচনৰ পৱিত্ৰতা ৰক্ষাৰ বাবে নিৰ্বাচনৰ ফল একেবাৰে সঠিক আৰু নিখুঁত হোৱা দৰকাৰ বুলি সংগঠনকেইটাই মত আগ বঢ়ায়।

উল্লেখ কৰিব পাৰি যে বিগত লোকসভা নিৰ্বাচনত EVM মেচিনৰ উদ্দেশ্যমূলক নিয়ন্ত্ৰণ কৰা হৈছিল বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰি আহিছে।

Related News