NORTHEAST NOW (Assamese)

বিদেশী ন্যায়াধিকৰণতে হ’ব ডি ভোটাৰ সম্পৰ্কীয় গোচৰৰ শুনানি : উচ্চতম ন্যায়ালয়

January 29, 2019 9:41 pm ·

আজি ২৯ জানুৱাৰি মঙলবাৰে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে এটা নিৰ্দেশ যোগে জনাই দিছে যে ডি ভোটাৰ সম্পৰ্কীয় গোচৰসমূহ অসমৰ মাননীয় বিদেশী ন্যায়াধিকৰণত শুনানি গ্ৰহণ কৰিব পাৰিব।

সৰ্বোচ্চ ন্যায়ালৰ এই ৰায়দানে অসমত বাস কৰা লাখ লাখ ডি ভোটাৰক সকাহ দিছে। ইয়াৰ পূৰ্বে  শুনানিৰ বাবে এই লোকসকলে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত হাজিৰ হ’বলগীয়া আছিল।

এখন আৱেদনৰ ওপৰত সৰ্বোচ্চ ন্যায়ালয়ৰ নায়াধীশ আৰ এফ নৰিমেন আৰু নৱীন সিনহাৰে গঠিত বিচাৰপীঠে কৈছে, ‘‘ডি ভোটাৰসকলৰ গোচৰসমূহৰ ওপৰত অসমৰ ডেজিগনেটেড বিদেশী ন্যায়াধিকৰণত শুনানি গ্ৰহণ কৰিব পাৰিব।

কৰিমগঞ্জৰ বাসিন্দা মইনুল হকক সংশ্লিষ্ট কৰ্তৃপক্ষই ডি ভোটাৰ হিচাপে চিহ্নিত কৰাৰ পাছত আদালতে তেওঁৰ আৱেদনখন গ্ৰহণ কৰিছিল। আৱেদনকাৰীৰ হৈ যুক্তি দৰ্শাই অধিবক্তা একে তালুকদাৰে কৈছিল যে ২০০৭ চনত মইনুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু ২০১৩ চনত ডি ভোটাৰ হিচাপে চিহ্নিত কৰিছিল।

তাৰ পাছত মইনুলে তেওঁৰ গোচৰটো কৰিমগঞ্জৰ বিদেশী ন্যায়াধিকৰণত চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন জনাইছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ এই অৱেদন নামঞ্জুৰ কৰিছিল।

‘‘আজি মাননীয় উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা জাৰি কৰিছে আৰু কৈছে যেএ ডি ভোটাৰৰ গোচৰসমূহ শুনানি বিদেশী ন্যায়াধিকৰণত গ্ৰহণ কৰিব পাৰিব।’’ তালুকদাৰে কৈছে। তালুকদাৰে আৰু কৈছে যে এই নিৰ্দেশে ১ লাখৰো অধিক লোকক উপকৃত কৰিব।’’

Related News