• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মহিলাৰ অধিকাৰ অস্বীকাৰ কৰিব নোৱাৰি’- উচ্চতম ন্যায়ালয়; এন ডি এ পৰীক্ষা স্থগিত ৰখাৰ কেন্দ্ৰৰ আবেদন নাকচ

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 24, 2021 3:24 pm
SC orders govt to allow women for Nov NDA exam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ নৱেম্বৰত মহিলা পৰীক্ষাৰ্থীৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰীক্ষাত মহিলাৰ অংশগ্ৰহণৰ প্ৰস্তাৱ এবছৰ পিছুৱাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰায়দান কৰে দেশৰ শীৰ্ষ ন্যায়ালয়ে।

এই সম্পৰ্কে বিচাৰপীঠে কয় ‘জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাটো তেওঁলোকৰ প্ৰশিক্ষণৰ এটা অংশ। আমি নিশ্চিত যে তেওঁলোকেও এই জৰুৰীকালীন সময়ছোৱাত সমভাৱে আগবাঢ়িব পাৰিব,’

উচ্চতম ন্যায়ালয়ে বুধবাৰে কয় যে এই সিদ্ধান্তৰ দ্বাৰা এবছৰপলম কৰি মহিলা প্ৰাৰ্থী সকলৰ এন ডি এৰ জৰিয়তে প্ৰতিৰক্ষা সেৱাত যোগদান কৰাৰ আশা আৰু আকাংক্ষাক ধ্বংস কৰিব নোৱাৰে।

শীৰ্ষ আদালতে মহিলা প্ৰাৰ্থীসকলৰ বাবে প্ৰথম ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এন ডি এ) পৰীক্ষা স্থগিত ৰখাৰ কেন্দ্ৰৰ আবেদন নাকচ কৰে আৰু মহিলাসকলক এই বছৰৰ ১৪ নৱেম্বৰত আগন্তুক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া উচিত বুলি নিৰ্দেশ দিয়ে।

ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ অধ্যক্ষতাত এখন বিচাৰপীঠে কয়, যে “এই সিদ্ধান্তই মহিলাসকলক আশা দিয়াৰ পিছত সঠিক সংকেত প্ৰেৰণ নকৰে। এই বছৰৰ পৰাই আৰম্ভ কৰা হওক,”। বিচাৰপীঠে লগতে কয়।

“আমি বিষয়টো এবছৰ পলম কৰিব নোৱাৰো। আমি ছোৱালীবোৰক আশা দিছিলো। আমি এতিয়া তেওঁলোকৰ সেই আশা অস্বীকাৰ কৰিব নোৱাৰো।”- বিচাৰপীঠে কয়।

মহিলাসকলক এন ডি এ পৰীক্ষা লিখিবলৈ অনুমতি দিয়াৰ প্ৰক্ৰিয়া মে’ ২০২২লৈ পিছুৱাই দিয়াৰ সম্পৰ্কত আদালতে উল্লেখ কৰে যে এনে কৰিলে মহিলা সকলৰ অন্তৰ্ভুক্তি ২০২৩ লৈ বিলম্বিত হ’ব।

অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটিৰ নেতৃত্বত কেন্দ্ৰই আদালতক মহিলা প্ৰাৰ্থীসকলক অহা বছৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিবলৈ কৈছিল।

মহিলাসকলক অন্তৰ্ভুক্ত কৰাৰ অনুমতি দিবলৈ কিছুমান আন্তঃগাঁথনিগত আৰু পাঠ্যক্ৰমৰ পৰিৱৰ্তনৰ প্ৰয়োজন বুলিয়ো ছলিচিটৰ জেনেৰেল গৰাকীয়ে মন্তব্য আগবঢ়ায়।
অৱশ্যে বিচাৰপীঠে কয় যে, “অন্তৱৰ্তীকালীন আদেশ ইতিমধ্যে গৃহীত হৈছে। জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সশস্ত্ৰ বাহিনী সৰ্বশ্ৰেষ্ঠ। আমি নাভাবো যে তেওঁলোকে এই বছৰ পৰীক্ষা দিয়া প্ৰাৰ্থীসকলক স্থান দিবলৈ সক্ষম নহ’ব।”

বিচাৰপীঠে ভাটিক কয় যে “আমাৰ ওচৰত কি উত্তৰ আছে সেই সকল শিক্ষাৰ্থীৰ বাবে যিসকল শিক্ষাৰ্থী পৰীক্ষা দিয়াৰ বাবে আগবাঢ়ি আছে । আমি আদেশ প্ৰত্যাহাৰ নকৰো। আপুনি আদেশটো বাস্তবায়িত কৰক, আমি চাওঁ আহক কিমান গৰাকী মহিলা ইয়াত সংযুক্ত হয়।”

১৮ আগষ্টত আদালতে মহিলাসকলক এন ডি এ পৰীক্ষা দিয়াৰ অনুমতি দি এক অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰিছিল।

আইন বিষয়াই কৈছিল যে বাহিনীবোৰ কঠোৰ পৰিস্থিতিত থাকিব। বিচাৰপীঠে প্ৰত্যুত্তৰত কয় যে “দেশৰ সশস্ত্ৰ বাহিনী এনে কঠোৰ পৰিস্থিতিতকৈ আৰু বহুত ডাঙৰ পৰিস্থিতিত আছে,”।
ন্যায়ালয়ে বিষয়টো জানুৱাৰী, ২০২২ত বিবেচনাৰ বাবে ৰাখে।

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বে আদালতক কৈছিল যে তেওঁলোকে সন্মানীয় এন ডি এৰ জৰিয়তে বিদ্যমান শাখাত তিনিটা প্ৰতিৰক্ষা সেৱাত মহিলাৰ প্ৰৱেশৰ অনুমতি দিবলৈ অহা বছৰৰ মে মাহৰ ভিতৰত সকলো প্ৰয়োজনীয় প্ৰণালী আৰু আন্তঃগাঁথনি স্থাপন কৰাৰ প্ৰস্তাৱ দিছে।

এক শপতনামাত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে “প্ৰতিৰক্ষা সেৱাসমূহৰ দ্বাৰা এটা বিশেষজ্ঞ গোট গঠন কৰা হৈছে, যাৰ ভিতৰত আছে এন ডি এত মহিলা কেডেটসকলৰ বাবে ব্যাপক আৰু দ্ৰুততাৰে পাঠ্যক্ৰম প্ৰস্তুত কৰা আৰু সকলো প্ৰাসঙ্গিক দিশ অন্তৰ্ভুক্ত কৰি এন ডি এত মহিলা কেডেটসকলৰ প্ৰশিক্ষণৰ বাবে এক সামগ্ৰিক আৰু ভৱিষ্যতবাদী প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে বিষয়া পৰিষদ এখন আহ্বান কৰা হৈছে”।

যদিও শিক্ষাৰ পাঠ্যক্ৰম সু-পৰিকল্পিত ভাৱে নিৰ্ধাৰণ কৰা হৈছে, প্ৰশিক্ষণৰ বাকী সকলো দিশ মহিলা প্ৰাৰ্থীৰ বাবে পৃথকে প্ৰস্তুত কৰিব লাগিব বুলিয়ো এই শপতনামাত সংযোগ কৰা হৈছে।

এনডিএ ৰ সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ ইচ্ছুক মহিলাসকলৰ বাবে পথ প্ৰশস্ত কৰিবলৈ নিৰ্দেশ বিচাৰি, অধিবক্তা কুশ কালৰাই এখন পিআইএল দাখিল কৰিছিল।

স্মৰ্তব্য যে এন ডি এৰ পৰীক্ষা বছৰত দুবাৰ কৈ অনুষ্ঠিত কৰা হয়।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd