দেশৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত সংস্কৃত শ্লোকৰ প্ৰাৰ্থনা ‘‘অসতো মা সদগময়’ আৰু ওম সহ না ভৱতু’ বাধ্যতামূলক কৰাৰ ফলত সংখ্যালঘুসকলৰ ধৰ্মীয় মৌলিক অধিকাৰ খৰ্ব হ’ব নেকি? এই প্ৰশ্নৰ অৱতাৰণা কৰি দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন উচ্চতম ন্যায়ালয়ে সোমবাৰে পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰে।
মধ্যপ্ৰদেশৰ ছিংৰাউলিৰ এগৰাকী বাসিন্দা বিনায়ক শ্বাহে দাখিল কৰা এই আৱেদনখনত হিন্দু শাস্ত্ৰৰ পৰা চয়ন কৰা এই শ্লোকৰ প্ৰাৰ্থনাই কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ ধৰ্ৰ অধিকাৰ খৰ্ব কৰাই নহয় লগতে এই ধৰণৰ প্ৰাৰ্থনাৰ প্ৰতি সন্মত নোহোৱা যুক্তিবাদী তথা নিৰপেক্ষ চিন্তাধাৰাৰ লোকসকলৰ অধিকাৰকো আঘাত কৰিব বুলি উল্লেখ কৰি ইয়াক বন্ধ কৰাৰ আৰ্জি তুলিছে। ‘টাইমছ অৱ ইণ্ডিয়াত’ প্ৰকাশিত এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।
ন্যায়াধীশ আৰ এফ নৰিমণ আৰু বিনীত ছাৰণৰ খণ্ড বিচাৰপীঠক আৱেদনকাৰী শ্বাহে কৈছে, ‘’ শিক্ষক আৰু ছাত্ৰৰ উপস্থিতিত ৰাতিপুৱাৰ প্ৰাৰ্থনা সভাত এই শ্লোকসমূহৰ আবৃত্তি বাধ্যতামূলক কৰাৰ বাবে অত্যধিক গুৰুত্ব দিয়াৰ জৰিয়তে ছাত্ৰসকলৰ যুৱ মনত বৈজ্ঞানিক মানসিকতাৰ উন্নয়ন তথা বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব।‘’
আনহাতে, মহাধিবক্তা তুষাৰ মেহতাই যুক্তি দৰ্শাই কয় যে প্ৰশ্ন উত্থাপিত হোৱা হিন্দু শাস্ত্ৰৰ পৰা চয়ন কৰা শ্লোক কেইটা ‘চিৰন্তন সত্য’ৰ অভিব্যক্তি। সেয়েহে ইয়াক ধৰ্মীয় চিন্তাৰ মাজত ধৰিব নোৱাৰি। ‘’সংস্কৃতত থকা সকলোবোৰ কথাই ধৰ্মীয় চৰিত্ৰৰ নহয়। কাইলৈ হয়তো বিদ্যালয়ত শিকাই অহা ইংৰাজীৰ পৰা গ্ৰহণ কৰা ‘সাধুতাই উত্তম উপায়’ (Honesty is best policy) খণ্ড বাক্যটিক খ্ৰীষ্টানৰ বাণী হিচাপে ব্যাখ্যা কৰিব পাৰে।‘’
মেহতাই লগতে উচ্চতম ন্যায়ালয়ৰ প্ৰতীকত থকা ‘যথা ধৰ্ম তথা জয়’ খণ্ড বাক্যটিও সংস্কৃতৰ পৰাই লোৱা বুলিও আঙুলিয়াই দিয়ে। হিন্দু শাস্ত্ৰ গীতা আৰু মহাভাৰতৰ পৰা গ্ৰহণ কৰা এই বাক্যশাৰীয়ে উচ্চতম ন্যায়ালয়ক ধৰ্মনিৰপেক্ষ হোৱাত বাধাদিছে নেকি বুলিও মেহতাই প্ৰশ্ন কৰে।
ইপিনে খণ্ড বিচাৰপীঠে মেহতাক এই যুক্তিবোৰ আবেদনখনৰ শুনানিৰ সময়ত সাংবিধানিক বিচাৰপীঠৰ আগত দাঙি ধৰিবলৈ কয়। তদুপৰি, বিচাৰপীঠখনে আবেদনখন এখন উপযুক্ত বিচাৰপীঠত শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰে।
আৱেদনখনত লগতে কেন্দ্ৰীয় বিদ্যালয়সমূহত বৈজ্ঞানিক মানসিকতা আৰু শিক্ষাক উৎসাহিত কৰাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়খনে নিৰ্দেশ দিবলৈ অনুৰোধ জনোৱা হয়।
বাৰতত মুঠতে ১১০০ খন কেন্দ্ৰীয় বিদ্যালয় আছে। পঞ্চাশ বছৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ দ্বাৰা পৰিচালিত এই বিদ্যালয়সমূহ আৰম্ভ কৰা হৈছিল। অসমতো তিনিটা মণ্ডলৰ অধীনত মুঠতে ১২০ খন কেন্দ্ৰীয় বিদ্যালয় আছে । ইয়াৰ ভিতৰত গুৱাহাটীৰ অধীনত ৪৫ খন, শিলচৰৰ অধীনত ৩২খন আৰু তিনিচুকীয়াৰ অধীনত ৪৩খন বিদ্যালয় আছে।