শবৰীমালাত মহিলাৰ প্ৰৱেশৰ গোচৰ;পুনৰীক্ষণৰ আবেদন সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ

830149-sabarimala-temple-2

কেৰালাৰ শবৰীমালা মন্দিৰ। ফটো: ইন্টাৰনেট

শবৰীমালা মন্দিৰত যিকোনো বয়সৰ মহিলাৰ প্ৰৱেশাধিকাৰক লৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কোনো ৰায় প্ৰদান কৰাৰ পৰা বিৰত থাকে। তাৰ বিপৰীতে গোচৰটো উচ্চতম ন্যায়ালয়ৰে বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰা হয়।

উচ্চতম ন্যায়ালয়ৰ ৭জনীয়া বিচাৰপীঠৰ তত্বাৱধানত গোচৰটোৰ ৰায়দান হ’ব। বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ সাংবিধানিক বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।

ইয়াৰ ফলত শবৰীমালা মন্দিৰত মহিলাসকলৰ প্ৰবেশৰ ভৱিষ্যত ওলমি ৰ’ল।

অহা ১৭ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে ৰঞ্জন গগৈয়ে যিকেইটা গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় প্ৰদান কৰাৰ কথা আছিল তাৰ ভিতৰত অন্যতম এটা আছিল এই শবৰীমালাৰ পুনৰীক্ষণ আবেদন।

যোৱা বছৰ শবৰীমালা মন্দিৰত সকলো বয়সৰ মহিলাৰ প্ৰবেশ কৰিব দিব লাগে বুলি দেশৰ সৰ্বোচ্চ আদালতখনে ৰায় দিছিল।

কিন্তু ইয়াৰ বিৰোধিতা কৰে মন্দিৰটোৰ পুৰোহিতকে ধৰি স্থানীয় একাংশ ধাৰ্মিক লোকে। বিষয়টোক লৈ কেৰালাত যথেষ্ট উত্তেজনাময় পৰিৱেশৰো সৃষ্টি হয় আৰু পুনৰ উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ আবেদন জনোৱা হয়।

বৃহস্পতিবাৰে এই পুনৰীক্ষণ আবেদনৰ ৰায় দিয়াৰ কথা আছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ  ৫জনীয়া বিচাৰকৰ সাংবিধানিক বিচাৰপীঠে।

উক্ত ৫জন বিচাৰকৰ ভিতৰত ন্যায়াধীশ চন্দ্ৰচূড় আৰু ন্যায়াধীশ ফলি নাৰিমনে ভিন্ন মত দিয়াৰ বাবে ৰায়দান সম্ভৱ নহ’ল। সেয়ে, ৭জনীয়া সাংবিধানিক বিচাৰপীঠলৈ গোচৰটো প্ৰেৰণ কৰা হয়।

বংহস্পতিবাৰে গোচৰটোৰ ৰায় সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কেইবাটাও উদাহৰণ তুলি ধৰে। তেওঁ কয় যে কেবল হিন্দু মন্দিৰতে মহিলাসকলৰ প্ৰবেশত বাধা আছে, এনে নহয়। মছজিদৰ ক্ষেত্ৰতো এনে কঠোৰ নিয়ম আছে। এনেধৰণৰ ধৰ্মীয় বিষয় সৰ্বোচ্চ আদালতৰ আওতাত পৰে নে নপৰে সেইটো বুজি লোৱা প্ৰয়োজন আছে।

উল্লেখযোগ্য যে ২০১৮’ৰ জুলাইত কেৰালাৰ শবৰীমালা মন্দিৰত সকলো বয়সৰ মহিলাৰ প্ৰবেশৰ সপক্ষে ৰায় প্ৰদান কৰিছিল তদানীত্বন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বৰ বিচাৰপীঠে।

কিন্তু এই ৰায় কাৰ্যকৰী কৰিবলৈ শবৰীমালাৰ প্ৰধান পুৰোহিত সংগঠনে সংশয় প্ৰকাশ কৰিছিল। সেই সময়ত বিষয়টোক লৈ ৰাজ্যখনত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ মাজতে উচ্চতম ন্যায়ালয়ত ৰায়টোৰ পুনৰীক্ষণৰ আবেদন দজনোৱা হৈছিল।

বৃহস্পতিবাৰে আশা কৰা মতে বিষয়টোৰ মীমাংসা নোহেৱাত এতিয়া উচ্চতম ন্যায়ালয়ৰ ৭জনীয়া বিচাৰকৰ হাতত শবৰীমালাত মহিলাৰ প্ৰবেশৰ বিষয়টো ওলমি থাকিল।