২০০৮ চনত অসমত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ প্ৰধান অভিযুক্ত নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে।
খবৰ অনুসৰি বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা দৈমাৰীয়ে জামিন বিচাৰিছিল যদিও গোচৰৰ বৰ্তমানৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সেয়া সম্ভৱ নহয় বুলি উল্লেখ কৰি আদালতে জামিন নাকচ কৰাৰ ৰায় দিয়ে।
শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে যে মূল গোচৰৰ শুনানি ২০২৫ চনৰ শেষৰ ফালে অনুষ্ঠিত হ’ব।
২০০৮ চনৰ ৩০ অক্টোবৰত অসমত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত জড়িত থকাৰ বাবে দৈমাৰীক দোষী সাব্যস্ত কৰা হৈছিল।
উল্লেখযোগ্য যে ২০০৮ চনৰ অক্টোবৰ মাহত অসমত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত ৰঞ্জন দৈমাৰী আৰু আন ৯ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল বিশেষ আদালতে। ধাৰাবাহিক বিস্ফোৰণৰ গোচৰৰ প্ৰধান অভিযুক্ত আছিল দৈমাৰী।