ন্যায়াধীকৰণে বিদেশী ঘোষিত ব্যক্তিৰ নাম এনআৰচিত অন্তৰ্ভুক্ত প্ৰসংগ : ৰায়দান সংৰক্ষিত

supreme-court_of_India-750x375-1

উচ্চতম ন্যায়ালয়। ফাইল ফটো

বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা ব্যক্তিৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ’লে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া জানিব বিচাৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন বিচাৰপীঠে বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰে।

ৰাজ্যিক জমিয়ত উলেমা-ই-হিন্দৰ লগতে মুঠ ১৭টা পক্ষই দাখিল কৰা এক লেখ আৱেদনৰ ভিত্তিত গ্ৰহণ কৰা শুনানিৰ পাছত ন্যায়ালয়ে ৰায়দান সংৰক্ষিত ৰাখে। আনহাতে, ন্যায়াধীকৰণে ঘোষণা কৰা বিদেশীৰ নিজকে ভাৰতীয় প্ৰমাণ কৰাৰ বাবে পুনৰ আৱেদন জনোৱাৰ অধিকাৰ থাকিব নে নাই সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত ন্যায়ালয়ে ৰায়দান কৰিব।

উল্লেখযোগ্য যে বিদেশী ন্যায়ধিকৰণে এজন ব্যক্তিক বিদেশী বুলি ৰায়দান কৰাৰ পাছত ন্যায়াধীকৰণৰ ৰায়দানক প্ৰত্যাহ্বান জনাই উচ্চ আদালতত পুনৰ আৱেদন কৰাৰ কোনো আইনী ব্যৱস্থা নাই। বিদেশী ন্যায়াধীকৰণ কাৰ্যপালিকাৰ অধীনস্থ আৰু ন্যায়ালয় ন্যায়পালিকাৰ বিষয়বস্তু হোৱাৰ বাবেই ন্যায়ালয়ে ন্যায়াধীকৰণৰ ৰায়দানত সততে হস্তক্ষেপ নকৰে বুলি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে বৃহস্পতিবাৰে উল্লেখ কৰে।

আনহাতে, আৱেদনকাৰীসকলে এইক্ষেত্ৰত বিদেশী ন্যায়াধীকৰণত এক উত্তৰবিচাৰদায়ী (এপেলেট) ব্যৱস্থাপনা গঠনৰ পোষকতা কৰিছে।

যোৱা মঙলবাৰে অনুষ্ঠিত শুনানিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ন্যায়াধীকৰণে ঘোষণা কৰা বিদেশীৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ’লে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই বিষয়া চৰকাৰৰ পৰা জানিব বিচাৰিছিল।

তদুপৰি, ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে ন্যায়ালয়ত ৰাজ্যৰ মুখ্য সচিবো উপস্থিত থাকে। ইপিনে, আৱেদনকাৰী আৰু চৰকাৰৰ প্ৰতিনিধিৰ মাজত বৃহস্পতিবাৰে হোৱা যুক্তিতৰ্কৰ পাছত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দীপক গুপ্তা আৰু সঞ্জীৱ খান্নাৰে গঠিত তিনিজনীয়া খণ্ড বিচাৰপীঠখনে ৰায়দান সংৰক্ষিত ৰাখে।

বিদেশী ন্যায়াধীকৰণত বিদেশী বুলি ঘোষণা কৰা বহু ব্যক্তিৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থকা বিষয়টোত ন্যায়ালয়ৰ পৰা সমিধান বিচাৰি দাখিল কৰা আবেদনৰ পৰিপ্ৰেক্ষিতত বিষয়টো গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে বিষয়টো চাৰিজাৰি চাইছে।

তদুপৰি, ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা এজন ব্যক্তিৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱাৰ পাছত সৃষ্টি হোৱা সমস্যাটোৰ সমাধান চৰকাৰৰ হাতত আছেনে? উচ্চতম ন্যায়ালয়ে চৰকাৰৰ পৰা পোনপোটীয়াকৈ ইয়াৰ উত্তৰ জানিব বিচাৰিছিল।