চি-টে’টত অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী

exam-hall-pic-MM

প্ৰতিনিধিত্বমূলক ফটো

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ২০১৯ বৰ্ষৰ বাবে অনুষ্ঠিত হ’বলগীয়া চেন্ট্ৰেল টিচাৰছ ইলিজিবিলিটি টেষ্ট (চি-টেট)ত অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণ বিচাৰি দাখিল কৰা এখন আবেদনৰ সন্দৰ্ভত জাননী জাৰি কৰিছে।

আদালতে এই জাননী কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছচি) আৰু নেশ্যনেল কাউন্সিল ফ’ৰ টিচাৰছলৈ প্ৰেৰণ কৰি পৰৱৰ্তী শুনানি দিন অহা ১ জুলাইৰ ভিতৰত তেওঁলোকৰ সঁহাৰি দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

আবেদনখনত দাবী কৰা মতে যোৱা ২৩ জানুৱাৰিত চি-টে’টৰ বাবে মানৱ সম্পদ মন্ত্ৰালয়ে জাৰি কৰা বিজ্ঞাপনটো ‘সম্পূৰ্ণ অবৈধ তথা আইনসন্মত‘ নাছিল। কিয়নো সংবিধানে বাধ্যতামূলক কৰা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ কথাটো ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই।

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীৰে গঠিত খণ্ড বিচাৰপীঠখনে ৰজনীশ কুমাৰ পাণ্ডে নামৰ ব্যক্তি গৰাকীয়ে দাখিল কৰা আবেদনখন গ্ৰহণ কৰি অহা ১ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে।

উচ্চতম ন্যায়ালয়ে যোৱা ১৩ মে’ত ব্যক্ত কৰিছিল যে সংৰক্ষণ নীতি  পৰীক্ষাৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী পৰ্যায়ত নহয়,চূড়ান্ত নিৰ্বাচনৰ সময়তহে প্ৰযোজ্য হ’ব পাৰে। আবেদনকাৰীৰ অধিবক্তাই যুক্তি দাঙি ধৰি কয় যে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ উত্তৰণৰ বাবে থকা সাংবিধানিক অধিকাৰৰ পৰীক্ষাৰ সময়ত প্ৰযোজ্য হ’ব লাগে। অধিবক্তাগৰাকীয়ে অনুসূচীত জাতি/জনজাতি তথা অন্যান্য পাছপৰা সংৰক্ষিত শ্ৰেণীক নম্বৰৰ ক্ষেত্ৰত ৰেহাই দিয়া হয় বুলিও যুক্তি আগবঢ়ায়।

আবেদনকাৰীৰ অধিবক্তাগৰাকীয়ে লগতে চি-টে’ট ২০১৯ ৰ বাবে অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলৰ মাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰাৰ্থীসকলক ১০ শতাংশ সংৰক্ষণৰ সাংবিধানিক অধিকাৰ প্ৰদানৰ বাবে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়াৰ বাবে আদালতত আৰ্জি দাঙি ধৰিছিল।