আটকাধীন বিদেশী সন্দৰ্ভত অসম চৰকাৰ, মুখ্য সচিবক ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

supreme-court_of_India

উচ্চতম ন্যায়ালয়ৰ ফাইল ফটো

অসমৰ ডিটেনশ্যন কেম্পত বিদেশী বিচাৰাধীন বন্দীসকলৰ দুৰ্দশা সন্দৰ্ভত অসম চৰকাৰ আৰু মুখ্য সচিব আলোক কুমাৰক বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে তীব্ৰ ভৎৰ্সনা কৰে।

দেশৰ সৰ্বোচ্চ আদালতখনে লগতে অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰে দাখিল কৰা এখন শপতনামাক সমালোচনা কৰে। শপতনামাখনত কোৱা হৈছে যে যিসকল বিদেশীয়ে ডিটেনশ্যন কেম্পত ৫ বছৰ অতিক্ৰম কৰিছে তেওঁলোকক ৫ লাখ টকাৰ জমা আদায়, ঠিকনা পৰীক্ষণ, চকুৰ বায়োমেট্ৰিক আদি দাখিলৰ বিনিময়ত মুকলি কৰি দিয়া হ’ব পাৰে।

‘’আপুনি উচ্চতম ন্যায়ালয়ক এটা অবৈধ নিৰ্দেশৰ অংশ হোৱাটো বিচাৰিছে য’ত দেশত থাকিবলৈ অধিকাৰ নোহোৱা এজন বিদেশীয়ে থাকিব আৰু এখন বণ্ড তথা তেনেকুৱা নথিত স্বাক্ষৰ কৰোৱা হ’ব। আপোনাৰ চৰকাৰৰৰ ফালৰ পৰা ব্যৰ্থ হোৱা কথাটোত আপুনি সন্মত নহয়নে?’’-বিচাৰপীঠে এইদৰে প্ৰশ্ন কৰে।

ডিটেনশ্যন কেম্পত থকা বিদেশী বিচাৰাধীন বন্দীসকলৰ দুৰ্দশাৰ গোচৰটো সম্পৰ্কত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দীপক গুপ্তা আৰু সঞ্জীৱ খান্নাক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে ডিটেনশ্যন কেম্পত থকা বিদেশীসকলৰ বিশদ তথ্য আৰু তেওঁলোকক বহিস্কাৰ কৰাৰ কাৰণে অসম চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া জানিব বিচাৰিছিল।

মুখ্য সচিব আলোক কুমাৰে কয় যে তেওঁ অসমৰ ডিটেনশ্যন কেম্পত থকা বিচাৰাধীন বন্দীসকলৰ বাবে উন্নত ব্যৱস্থাৰ পদক্ষেপসমূহৰ বিষয়ে লৈ আহিব।

‘’তেওঁলোকৰ নিজৰ দেশলৈ ঘুৰাই পঠিয়াবলগীয়া লোকসকলে ইয়াত অবৈধভাৱে আছে আৰু তেওঁলোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে,’’-মুখ্য সচিবগৰাকীয়ে আদালতক জনায়।

আনহাতে, বিচাৰপীঠখনে কয় যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ স্থিতি হোৱা উচিত যে ‘’বিদেশী বুলি চিনাক্তসকলক যিমান শীঘ্ৰে সম্ভৱ বিতাৰণ কৰা উচিত। কিন্তু আমি সেই স্থিতি দেখিবলৈ পোৱা নাই!’’

হৰ্ষ মান্দেৰ নাম এগৰাকী সমাজকৰ্মীয়ে দাখিল কৰা এখন আবেদনৰ আজি শুনানি গ্ৰহণ কৰিছিল আদলতখনে।

জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে আবেদনকাৰীৰ হৈ উপস্থিত থাকি শপতনামাখনৰ সন্দৰ্ভত তেওঁৰ উত্তৰ দিবলৈ আদালতৰ পৰা সময় বিচাৰে।

আনহাতে, বৃহস্পতিবাৰৰ এই শুনানিৰ পাছত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয়, ‘’আছুৱে মাননীয় উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সনমান জনাইছে। আমি বিশ্বাস কৰোঁ যে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপে অসম চুক্তিৰ ধাৰা ৰূপায়নত নিশ্চিতভাৱে সহায় কৰিব।‘’

‘’কেন্দ্ৰ আৰু অসম চৰকাৰে এই দিশত গুৰুত্বসহকাৰে কাম কৰা উচিত যাতে অসম অবৈধ বিদেশীৰ চৰণীয়া পথাৰ হৈ পৰিব নোৱাৰে,’’-ভট্টাচাৰ্যই কয়।