NORTHEAST NOW (Assamese)

কা ২০১৯ প্ৰত্যাহ্বানকাৰী আৱেদনৰ শুনানিৰ বাবে মান্তি ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়

December 16, 2019 4:46 pm · এন ই নাও নিউজ
Updated: December 16, 2019 4:54 pm
ভাৰতৰ উচ্চতম ন্যায়ালয়। ফাইল ফটো

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনসমূহৰ বুধবাৰে শুনানি গ্ৰহণ কৰিব।

সোমবাৰে ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে।

কংগ্ৰেছ নেতা, জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে মুখ্য ন্যায়াধীশ এচ এ ববদেৰ সন্মুখত বিষয়টো উত্থাপনৰ পিছতে ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে।

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে আইনখনত সন্মতি দিয়াৰ পিছৰে পৰা বিষয়টোক লৈ এক ডজনৰো অধিক আৱেদন দাখিল হৈছে।

আইনখনে ভাৰতীয় সংবিধান আৰু অসম চুক্তি উলংঘা কৰা বুলি অভিযোগ উঠাৰ লগতে ই “বিভাজনমূলক” বুলি বিভিন্ন পক্ষই আপত্তি কৰিছে।

আছু, নেছ’কে ধৰি কংগ্ৰেছ, অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, সদৌ অসম উকীল সন্থা, এ পি ডব্লিউ, নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ, উত্তৰ-পূব খিলঞ্জীয়া মঞ্চ আদি বিভিন্ন পক্ষই আৱেদন কৰিছে।

অসমৰ বাহিৰেও ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ প্ৰদ্যোত দেব বাৰ্মাকে ধৰি আন বহু ভাৰতীয় দল-সংগঠনে আইনখনৰ বিৰুদ্ধে আৱেদন জনাইছে।

Related News