• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঈশান উদয় জলপানিৰ ১০০ কোটিটকীয়া কেলেংকাৰীৰ তথ্য ফাদিল

নাম-গোন্ধহীন প্ৰতিষ্ঠানে সৰকাই নিছে কোটি কোটি টকা, চি বি আই তদন্তৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
August 6, 2021 6:10 pm
eudd
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুক্ৰবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি উদঙাই দিয়ে  ঈশান উদয় জলপানিৰ ১০০কোটি টকীয়া কেলেংকাৰীৰ তথ্য।

এই বিষয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি লক্ষ্যজ্যোতি গগৈয়ে কয় ”

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহণশীল নীতি গ্ৰহণ কৰা বুলি ঢাক-ঢোল বজাই থকা বিজেপি চৰকাৰৰ দিনত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সংঘটিত হৈছে এক বৃহৎ ছাত্ৰ বৃত্তি কেলেংকাৰী। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ মেধাবী ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) য়ে ২০১৪ চনৰ পৰা ঈশান উদয় নামৰ এটা আঁচনিৰ জৰিয়তে কাৰিকৰী শিক্ষা গ্ৰহণ কৰাসকলক বছৰি ৭৮০০০ টকা আৰু স্নাতক শিক্ষা গ্ৰহণ কৰাসকলক ৫৪০০০ টকাকৈ ছাত্ৰ বৃত্তি প্ৰদান কৰি আহিছে।

এই আঁচনিৰ জৰিয়তে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। কিন্তু শেহতীয়াকৈ ২০২০-২০২১ বৰ্ষৰ ঈশান উদয় ছাত্ৰবৃত্তি আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

তেওঁ পুনৰ কয় ” ঈশান উদয় ছাত্ৰবৃত্তি কেলেংকাৰী ইতিহাসৰ সৰ্ববৃহৎ ছাত্ৰ বৃত্তি কেলেংকাৰী। এই আঁচনিৰ অধীনত কেৱল অসমতেই প্ৰায় ৭৬ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰায় ১০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে।

২০২০-২০২১ বৰ্ষৰ ঈশান উদয় ছাত্ৰবৃত্তিৰ বাবে নিৰ্বাচিত হোৱা তালিকাখনৰ ভিত্তিত তদন্ত কৰি দেখিবলৈ পোৱা গৈছে সৰ্বমুঠ ৫৬৫ খন শিক্ষানুষ্ঠানৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৮০১৩ গৰাকী আৰু কেৱল অসমৰ পৰা ৫৮১৭ গৰাকী ছাত্ৰ-ছাত্ৰী ঈশান উদয় ছাত্ৰবৃত্তিৰ বাবে নিৰ্বাচিত হৈছে।

কিন্তু আশ্চৰ্যজনকভাৱে ইয়াৰে মেদক ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড ফাৰ্মাচী, ভিক্টোৰিয়া ইন্টাৰ কলেজ, চেণ্ট পল’চ কলেজ অফ মেনেজমেণ্ট এণ্ড ইনফৰ্মেশ্বন, ৰাহুল ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি আদিৰ দৰে সৰ্বমুঠ ৫৫ খন অখ্যাত শিক্ষানুষ্ঠানৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৪৫০৭ গৰাকী আৰু অসমৰ পৰা ৩৬৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ছাত্ৰবৃত্তিৰ বাবে নিৰ্বাচিত হৈছে। অৰ্থাৎ ছাত্ৰবৃত্তিৰ বাবে নিৰ্বাচিত মুঠ ছাত্ৰ-ছাত্ৰীৰ আধা সংখ্যক ছাত্ৰ ছাত্ৰীয়েই ভুৱা শিক্ষানুষ্ঠানৰ পৰা নিৰ্বাচিত হৈছে।

আনহাতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই সন্দৰ্ভত নিজাববীয়াকৈ অনুসন্ধান চলায়। অনুসন্ধানত পোৱা তথ্যৰ মতে ৫৫ খন শিক্ষানুষ্ঠানৰ বেছিভাগ শিক্ষানুষ্ঠানৰ কোনো অস্তিত্ব নাই, কিছুমান অখ্যাত শিক্ষানুষ্ঠান আছে কিন্তু সেইবোৰ শিক্ষানুষ্ঠানত ইমানসংখ্যক মেধাবী ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াও নামভৰ্তি নকৰে। যি ৫৫ খন শিক্ষানুষ্ঠানৰ কথা কোৱা হৈছে সেইকেইখন শিক্ষানুষ্ঠানৰপৰা ইয়াৰ পূৰ্বে ২০১৯-২০২০ বৰ্ষ, ২০১৮-২০১৯ বৰ্ষত এজনো ছাত্ৰ-ছাত্ৰীয়ে ঈশান উদয় ছাত্ৰবৃত্তিৰ বাবে নিৰ্বাচিত হোৱা নাছিল।

নেচনেল স্কলাৰশ্বিপ পৰ্টেলত উপলব্ধ তথ্য বিশ্লেষণ কৰি দেখা গৈছে মেদক ইনষ্টিটিউট অফ টেকনলজি এণ্ড ফাৰ্মাচীৰ পৰা অসমৰ ৫৫০ গৰাকী, চেণ্ট পল’চ কলেজ অফ মেনেজমেণ্ট এণ্ড ইনফৰ্মেশ্বন টেকনলজিৰ পৰা অসমৰ ৫৩৩ গৰাকী, ভিক্টোৰিয়া ইন্টাৰ কলেজৰ পৰা অসমৰ ৩৭৪ গৰাকী আৰু ত্ৰিপুৰাৰ পৰা ২৭১ গৰাকী, চি কে কলেজ চাকলাৰ পৰা ২৪৭, শ্বহীদ সোঁৱৰণি কলেজ বামুণবৰীৰ পৰা ১৮৬ গৰাকী, ৰাহুল ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজিৰ পৰা ১৭১ গৰাকী, জনপ্ৰিয় কলেজৰ পৰা ১৩৯ গৰাকী, নেহেৰু প্ৰাইভেট ইণ্ডাষ্ট্ৰিয়াল ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা ১২২ গৰাকী, বৰপেটা বঙাইগাঁও কলেজৰ পৰা ১০৮ গৰাকী, শৰৎ চন্দ্ৰ সিংহ কলেজ অফ এগ্ৰিকালচাৰ পৰা ৯৭ গৰাকী, দিব্য কলেজ অফ নাৰ্ছিংৰ পৰা ৯৬ গৰাকী, নইনা নাৰ্ছিং ইনষ্টিটিউট মুজাফৰপূৰৰ পৰা ৮৩ গৰাকী, অঙ্গপ্পা কলেজ অফ আৰ্টছ এণ্ড চাইন্সৰ পৰা ৭৪ গৰাকী, গভর্নমেণ্ট ইণ্ডাষ্ট্ৰিয়াল ট্ৰেনিং ইনষ্টিটিউট দিনদীগুলৰ পৰা ৭৮ গৰাকী, ৰাজা শিৱ কলেজ মাহগাওঁৰ পৰা ৭৫ গৰাকী, অম্বিগৰা চাউদয়া কলেজ অফ নাৰ্ছিংৰ পৰা ৭৪ গৰাকী, ৰাজপুটনা কলেজ অফ ফাৰ্মাচীৰ পৰা ৬৭ গৰাকী, বাংগালোৰ কলেজ অফ ইঞ্জিনিয়াৰিং টেকনলজিৰ পৰা ৫৮ গৰাকী, ভিক্টোৰি কলেজ অফ নাৰ্ছিংৰ পৰা ৫৮ গৰাকী, শ্ৰী বালাজী ছচাইটি ল কলেজৰ পৰা ৫৬ গৰাকী, চিচিফিন ইনষ্টিটিউট অফ হেলথ ৰিচাৰ্য লেপৰচি চেণ্টাৰৰ পৰা ৫৪ গৰাকী, কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজৰ পৰা ৪৯ গৰাকী, মিজোৰাম নাৰ্ছিং কলেজৰ পৰা ৪৯ গৰাকী, পাভিন কলেজ অফ নাৰ্ছিংৰ পৰা ৪৯ গৰাকী, মিনিগুৰুকুলামৰ পৰা ৪৯ গৰাকী, সুশীল কুমাৰ চিন্দে ফিজিকেল এডুকেচন কলেজৰ পৰা ৪৬ গৰাকী, এয়াৰ ফৰ্চ টেকনিকেল কলেজ বাংগালোৰৰ পৰা ৪৫ গৰাকী, মহাত্মা গান্ধী প্ৰফেচনেল কলেজ অফ নাৰ্ছিংৰ পৰা ৪৪ গৰাকী, উত্তৰ বৰপেটা কলেজৰ পৰা ৪২ গৰাকী, নিউ মৰ্দান ডিগ্ৰী কলেজৰ পৰা ৪০ গৰাকীয়ে ঈশান উদয় ছাত্ৰবৃত্তিৰ বাবে নিৰ্বাচিত হৈছে।

ইয়াৰ বিপৰীতে অসমৰ প্ৰতিষ্ঠিত কটন বিশ্ববিদ্যালয়ৰপৰা ১৯৯ গৰাকী, জে. বি. কলেজৰ পৰা ৯১ গৰাকী, নগাঁও কলেজৰ পৰা ৮৯ গৰাকী, গুৱাহাটী কমাৰ্চ কলেজৰ পৰা ৮২ গৰাকী, অসম কৃষি বিশ্ববিদ্যালয়ৰপৰা ৬০ গৰাকী, দৰং কলেজৰ পৰা ৫৪ গৰাকী, বি. বৰুৱা কলেজৰ পৰা ৫২ গৰাকী, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ৫০ গৰাকী, সন্দিকৈ মহিলা মহাবিদ্যালয়ৰ পৰা ৪৫ গৰাকী, শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা ৪৪ গৰাকীয়ে ছাত্ৰবৃত্তি পাবলৈ সক্ষম হৈছে।

“গতিকে এই তথ্যৰ পৰা স্পষ্টহৈ পৰিছে কিদৰে ভুৱা শিক্ষানুষ্ঠান, ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামেৰে কোটি কোটি টকাৰ শৰাধ কৰিবলৈ বিচৰা হৈছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তথ্যসমূহ বিশ্লেষণ কৰি দেখিছিলোঁ যে এই দুৰ্নীতিৰ মূল কেন্দ্ৰবিন্দু বৰপেটা, বঙাইগাঁও, নলবাৰী। কাৰণ বেছিভাগ ভুৱা ছাত্ৰ-ছাত্রীৰে ঠিকনা এই তিনিখন জিলাৰে, অৱশ্যে কম বেছি পৰিমানে সকলো জিলাৰ পৰাই ভুৱা ছাত্ৰ-ছাত্ৰীৰ নাম আছে।” বুলি লক্ষ্যজ্যোতি গগৈয়ে উল্লেখ কৰে।

তদুপৰি এই দুৰ্নীতিত যিমানবোৰ ভুৱা শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ নাম দেখা গৈছে তাৰেই অধিকাংশই মুছলমান সম্প্ৰদায়ৰ। হয়তো মুছলমানসকলৰ নামসমূহ প্ৰায় একে থাকে বাবে দুষ্টচক্ৰই মুছলমানসকলৰ নাম ব্যৱহাৰ কৰিছে। তথ্যসমূহ বিশ্লেষণ কৰি দেখা গৈছে শ শ ছাত্ৰ-ছাত্ৰীৰ নামসমূহ মুছলমান হোৱাৰ বিপৰীতে তেওঁলোকৰ ধৰ্ম হিন্দু/খ্ৰীষ্টান বুলি উল্লেখ কৰিছে  বা ছাত্ৰজনৰ নাম মুছলমান কিন্তু দেউতাকৰ হিন্দু নাম দি বিভ্ৰান্তিকৰ তথ্য দিছে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ উত্থাপন কৰে”এই ঈশান উদয় কেলেংকাৰীৰ ধনৰ পৰিমাণ প্ৰায় ১০০ কোটি টকা হব।

ইয়াৰে অসমত ৭৬ কোটি টকাৰ কেলেংকাৰী হৈছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে NSP ৰ পৰা পোৱা তথ্য অনুসৰি ৫৫ খন ভুৱা শিক্ষানুষ্ঠানৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ২৮৭৯ গৰাকীয়ে কাৰিকৰী শিক্ষাৰ বাবে আৰু ১৬২৮ গৰাকীয়ে স্নাতক শিক্ষাৰ বাবে ঈশান উদয় ছাত্ৰবৃত্তি পাইছে। ঠিক সেইদৰে এইকেইখন ভুৱা শিক্ষানুষ্ঠানৰপৰা অসমৰ অসমৰ ২৩৮৫ গৰাকীয়ে কাৰিকৰী শিক্ষাৰ বাবে আৰু ১২৭১ গৰাকীয়ে স্নাতক শিক্ষাৰ বাবে ছাত্ৰবৃত্তি পাইছে।

এই ভুৱা শিক্ষার্থীসকলৰ নামত ঈশান উদয় ছাত্ৰবৃত্তি আঁচনিৰ পৰা ৩১ কোটি ২৪ লাখ ৭৪ হাজাৰ টকা এবছৰত হৰলুকী কৰিবলৈ দুষ্টচক্ৰই ফান্দ পাতিছে। এই ছাত্ৰবৃত্তিৰ ধন এজন স্নাতক শিক্ষাৰ্থীয়ে তিনি বছৰলৈকে লাভ কৰে আৰু কাৰিকৰী শিক্ষাৰ্থীয়ে চাৰি বছৰলৈকে লাভ কৰে। অৰ্থাৎ আমি মাত্ৰ তিনিবছৰলৈকে যদি হিচাপ কৰোঁ তেনেহলে এই দুৰ্নীতিৰ টকাৰ পৰিমাণ ৯৩ কোটি ৭৪ লাখ ২২ হাজাৰ টকা হবগৈ আৰু চাৰিবছৰলৈকে হিচাপ কৰিলে ১০০ কোটি টকাতকৈ বেছি হবগৈ।

ঠিক সেইদৰে অসমৰ ক্ষেত্ৰটো হিচাপ কৰিলে দেখা যায় ঈশান উদয় আঁচনিৰ এবছৰৰ কেলেংকাৰী ২৫ কোটি ৪৬ লাখ ৬৪ হাজাৰ টকা আৰু তিনিবছৰলৈকে এই দুৰ্নীতিৰ টকাৰ পৰিমাণ ৭৬ কোটি ৩৯ লাখ ৯২ হাজাৰ টকা হ’বগৈ। ঈশান উদয় ছাত্ৰবৃত্তি আঁচনিত হোৱা দুৰ্নীতিৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃত মেধাবী ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হৈছে। তাৰ বিপৰীতে এই আঁচনিৰ ধন কোনোবা দুৰ্বৃত্তৰ হাতলৈ গৈছে।

আনহাতে  ইমান ডাঙৰ এটা কেলেংকাৰী শিক্ষা বিভাগৰ কৰ্মচাৰী, UGC ৰ কৰ্মচাৰী আৰু শিক্ষাপ্ৰতিষ্ঠানসমূহৰ অধ্যক্ষৰ প্ৰত্যক্ষ সহযোগিতাৰ অবিহনে কেতিয়াও সম্ভৱ নহয়। তদুপৰি এই কেলেংকাৰীৰ লগত বৰ্হিৰাজ্যৰ এটা চক্ৰও জড়িত হৈ আছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই বৃহৎ কেলেংকাৰীৰ নিজাববীয়াকৈ তদন্ত অব্যাহত ৰাখিছোঁ আৰু পৰৱৰ্তী সময়ত অধিক তথ্য ফাদিল কৰিম।

ইয়াৰ উপৰিও আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঈশান উদয় ছাত্ৰবৃত্তি আঁচনিত হোৱা এই ব্যাপক কেলেংকাৰীৰ তদন্ত CBI ৰ দ্বাৰা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। চৰকাৰে এই কেলেংকাৰীৰ তদন্ত CBI ৰ জৰিয়তে কৰোৱাই কেলেংকাৰীৰ লগত জড়িত প্ৰতিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি চৰকাৰখন যে দুৰ্নীতিৰ প্ৰতি সচাই শূন্য সহণশীল সেয়া প্ৰমাণ কৰক।

অন্যথা এই কেলেংকাৰীৰ লগত যে বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীও জড়িত সেইয়া স্পষ্ট হৈ পৰিব। বিশেষকৈ এই কেলেংকাৰীৰ সময়ছোৱাত অসমৰ শিক্ষা বিভাগৰ দায়িত্বত আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

গতিকে এই কেলেংকাৰীৰ CBI তদন্ত কৰোৱাই হিমন্ত বিশ্ব শৰ্মা যে ইয়াৰ লগত জড়িত নহয়, সেইয়া প্ৰমাণিত কৰক।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm
‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

August 17, 2025 3:47 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 17, 2025 2:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd