NORTHEAST NOW (Assamese)

উৎকট গৰম সহ্য কৰিব নোৱাৰি বিদ্যালয়ত ঢলি পৰিল শিক্ষাৰ্থী

June 3, 2023 5:40 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: June 3, 2023 5:04 pm

তীব্ৰ গৰমে দহিছে ৰাজ্য। গৰমৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি শনিবাৰে পুৱা নামাজৰ সময়ত অজ্ঞান হৈ পৰে অসমৰ বিশ্বনাথৰ ফখৰুদ্দিন আলী আহমেদ হাইস্কুলৰ কেইবাগৰাকীও শিক্ষাৰ্থী।

সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱাৰ নামাজৰ সময়ত গৰম সহ্য কৰিব নোৱাৰি অজ্ঞান হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। অচেতন হৈ পৰা শিক্ষাৰ্থী সকলক ততাতৈয়াকৈ বিশ্বনাথ ঘাট চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত উন্নত চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। 

খবৰ অনুসৰি সম্প্ৰতি আটাইকেইগৰাকী শিক্ষাৰ্থীৰ অৱস্থা সুস্থিৰ। কিন্তু গৰম আৰু আৰ্দ্ৰ জলবায়ুৰ বাবে অভিভাৱকসকলৰ মাজত শংকা বৃদ্ধি পাইছে।

উল্লেখ্য যে শুকুৰবাৰেও তেজপুৰৰ শোণিতপুৰ জাতীয় বিদ্যালয়ৰ কমেও ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গৰম সহ্য কৰিব নোৱাৰি নিজৰ শ্ৰেণীকোঠাৰ ভিতৰতে অজ্ঞান হৈ পৰে। 

অজ্ঞান হৈ পৰা আটাইকেইটা ছাত্ৰ-ছাত্ৰীকে ততাতৈয়াকৈ তেজপুৰৰ গেট হাস্পতাললৈ প্ৰেৰণ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।

ইফালে, নগাঁও জিলা প্ৰশাসনে এক নিৰ্দেশ জাৰি কৰি উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পুৱা ৭:৩০ বজাৰ পৰা সকলো শিক্ষানুষ্ঠানৰ শ্ৰেণীৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰিছে।

Related News