ডুমডুমাত তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত ছাত্ৰৰ কৰুণ মৃত্যু

Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো

তিনিচুকীয়া জিলাৰ ডুমডুমাত আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন ছাত্ৰই প্ৰাণ হেৰুৱাবলগীয়া হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰাপ্ত তথ্য মতে আজি দুপৰীয়া ডুমডুমা-ফিল’বাৰী সংযোগী পথৰ বাদলাভেটা চাহ ফেক্টৰীৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাটোত এখন তীব্ৰ বেগী ডাম্পাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ খোজকাঢ়ি আহি থকা এগৰাকী ছাত্ৰক মহতিয়াই নিয়াত ছাত্ৰজনৰ ঘটনাস্থলীতে মৃত্যু হয়।

নিহত ছাত্ৰজনক বৰডুবি মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ সঞ্জয় তাছা বুলি চিনাক্ত কৰা হৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ণ কৰা ডাম্পাৰখনক পিছত ডুমডুমা আৰক্ষীয়ে জব্দ কৰে।

ইপিনে ছাত্ৰজনৰ এই দুৰ্ভাগ্যজনক মৃত্যুত উত্তেজিত হৈ পৰা স্থানীয় ৰাইজে কৰিছে ডুমডুমা-ফিল’বাৰী সংযোগী পথটো কিছু সময়ৰ বাবে অৱৰোধ কৰি ৰাখে বুলি জানিব পৰা গৈছে।