মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ ইগাটপুৰী তালুকৰ ঘোটিৰ এখন ব্যক্তিগত বিদ্যালয়ত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বেগ পৰীক্ষা কৰা হয়। কিন্তু বেগৰ পৰা ওলোৱা সামগ্ৰী দেখি বিদ্যালয় কৰ্তৃপক্ষ স্তম্ভিত হৈ পৰিল। বেগত এটা চুৰি, কণ্ডম, চাইকেলৰ চেইন আৰু কাৰ্ডৰ কভাৰ উদ্ধাৰ হৈছে। ইয়াৰ ফলত বিদ্যালয়ত ব্যাপক আলোড়নৰ সৃষ্টি হৈছে।
বিদ্যালয় কৰ্তৃপক্ষই কয় যে ইতিমধ্যে একাংশ ছাত্ৰ-ছাত্ৰীৰ অদ্ভুত চুলিৰ ষ্টাইলক লৈ তেওঁলোক চিন্তিত হৈ পৰিছিল। কেইবাজনো ছাত্ৰ-ছাত্ৰীক গালি পৰা হৈছিল আৰু সেই কাৰণেই চুলি কাটি দিয়া হৈছিল। তাৰ পাছত হঠাৎ শিক্ষক-শিক্ষয়িত্ৰী কেইজনমানে ছাত্ৰ-ছাত্ৰীৰ বহী আৰু বেগবোৰ পৰীক্ষা কৰিলে। সেই মুহূৰ্তত সকলো স্তম্ভিত হৈ পৰিল।
বিদ্যালয়ৰ সূত্ৰৰ মতে, ছাত্ৰ-ছাত্ৰীৰ বেগত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ দেখাৰ লগে লগে শিক্ষকসকলে অভিভাৱকক ফোন কৰি বিষয়টো অৱগত কৰে। ছাত্ৰ-ছাত্ৰীসকলে এনে সামগ্ৰী ৰখাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।